ডিগবৈ আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ ৭জন যুৱকক আটক
মঙ্গলবাৰে নিশা ডিগবৈ আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন স্থানত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সাতজনকৈ মাৰাত্মক ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ আসক্ত যুৱকক আটক কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
আটকাধিন যুৱককেইজন ক্ৰমে ডিগবৈ মুলীয়াবাৰীৰ হামিদুল জামান (৩৩), লাচিত নগৰৰ আনোৱাৰ আলী(২৫), আই অ চি আৱাসিক এলেকা চি এম এইচ এৰিয়াৰ বাসু নায়ক(২৯),২নম্বৰ বৰবিলৰ সত্যজিৎ হাজৰিকা(৩৩) আৰু ৰাণা শইকীয়া(২৬), নৱজ্যোতি গাঁৱৰ চৈয়দ শ্বেখ ,জ্যোতিনগৰৰ নৃপেন শইকীয়া বুলি আৰক্ষীয়ে জানিব দিয়ে।
ডিগবৈ আৰক্ষীয়ে যুৱককেইজনৰ পৰা 10.11 গ্ৰাম হেৰ’ইন জব্দ কৰিছে।ডিগবৈৰ (IOC)আই অ চি ৰ আবাসিক এলেকাৰ লগতে বৃহত্তৰ ডিগবৈৰ ৰামনগৰ,বৰবিল,টোপোলাবস্তি, মুলীয়াবাৰী, বাপাপুং, মিলননগৰ,বগাপানী, পানবাৰী, ঢেকিয়াজান, গোলাই আদি অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ তথ্য সৰ্বজনবিদিত। ড্ৰাগছ আসক্ত যুৱক কেইজনক বৰ্তমানেও আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে সোধপোচ অব্যাহত ৰাখিছে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News