Home Assamese ডিগবৈৰ সাৰ্বজনীন নামঘৰত ভাগবত পাঠ অনুষ্ঠান

ডিগবৈৰ সাৰ্বজনীন নামঘৰত ভাগবত পাঠ অনুষ্ঠান

146

১৯৮৯ চনতে স্থাপিত হোৱা ডিগবৈৰ ২নং বৰবিল স্থিত সাৰ্বজনীন নামঘৰত সমগ্ৰ ডিগবৈ অঞ্চলৰ ১৯ টি নামঘৰৰ ভক্তবৃন্দ আৰু আই মাতৃ সকলৰ একত্ৰিত হৈ তিনিদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক নামপ্ৰসংগৰ অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীৰ উপলৈক্ষে ডিগবৈ অঞ্চলৰ ১৯ টি নামঘৰৰ সমূহ ভকত বৃন্দ আৰু আই মাতৃ সকল একত্ৰিত হোৱা এই বাৰ্ষিক নাম প্ৰসংগত উষা কীৰ্তন, অখণ্ড বন্তি প্ৰজ্বলনৰ পাছতে সমগ্ৰ বৰবিল অঞ্চল সামৰি ভাগৱত ভ্ৰমণ কৰোৱা হয়। ইয়াৰ পাছতে অবিৰত ভাৱে অগণন ভক্তগণৰ সমাগমেৰে নাম ঘৰৰ প্ৰাঙ্গনত ভাগৱত পাঠ আৰু মৰাণৰ ৰাঙলী অঞ্চলৰ পৰা নিমন্ত্রিত ৰাজীৱ মহন্তৰ দ্বাৰা ৰাজহুৱা নাম প্ৰসংগৰ মাজেৰে বিশ্বৰ শান্তি উপলক্ষে সকলোৱে প্ৰাৰ্থনা জনায়। আজি নামৰ অন্তিম দিনা বৰবিলৰ স্থানীয় বাসিন্দা দিপালি কাকতিৰ পৰিয়াল বৰ্গই আগবঢ়োৱা গৌৰীসাগৰৰ টিলোচন গোষ্ঠীৰ দ্বাৰা “দক্ষ যজ্ঞ” ভাওনাৰ প্ৰদৰ্শনেৰে বাৰ্ষিক নামৰ সামৰণি পৰিব।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া ,Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here