Thursday, May 25, 2023
HomeAssameseডিগবৈত ৰামকৃষ্ণ মিছনৰ ১২৫ বছৰীয়া জন্মজয়ন্তী

ডিগবৈত ৰামকৃষ্ণ মিছনৰ ১২৫ বছৰীয়া জন্মজয়ন্তী

 ডিগবৈ মিছনপাৰাত অৱস্থিত ‘ৰামকৃষ্ণ মিছন’ৰ ১২৫ বছৰীয়া জন্মজয়ন্তী পূৰ্তি উপলক্ষে দেওবাৰে দিনজোৰা বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। জন্মজয়ন্তী উপলক্ষে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ, চিত্ৰাংকন, কবিতা আবৃত্তি, ৰচনা আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আশাব্যঞ্জক আছিল।

ৰামকৃষ্ণ মিছনৰ স্থায়ী প্ৰেক্ষাগৃহৰ মঞ্চত দেওবাৰে সন্ধিয়া অনুষ্ঠিত মুকলি তথা বঁটা বিতৰণী সভাত বিশিষ্ট আৰু সন্মানীয় অতিথি হিচাপে তিনিচুকীয়া  অতিৰিক্ত জিলা উপায়ুক্ত মনজিৎ বৰকাকতি, ভাৰতীয় সেনাৰ ১৮ নং গাৰোৱাল ৰাইফলৰ লেফটেনেন্ট কৰ্ণেল কুমাৰ গৌৰৱ, অসামৰিক খাদ্য যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ তিনিচুকীয়া জিলাৰ ভাৰপ্ৰাপ্ত উপসঞ্চালক জয়ন্ত মহন্ত আৰু ডিগবৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীপক দেব উপস্থিত থাকি ভাষণ প্ৰদানৰ অন্তত প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰে।

ডিগবৈ ৰামকৃষ্ণ মিছনৰ সম্পাদক স্বামী অৰুণাত্মনন্দই দৰ্শক শ্ৰোতা আৰু ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ৰামকৃষ্ণ মিছন সম্পৰ্কে সাৱলীলভাৱে বক্তব্য প্ৰদান কৰে।

তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments