ডিগবৈত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এগৰাকী মহিলা আৰু এজন যুৱকক আটক

6

ডিগবৈত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এগৰাকী মহিলা আৰু এজন যুৱকক আটক

ডিগবৈ পানবাৰীৰ বনগাওঁ আৰু ডিগবৈ জ্যোতিনগৰত পৃথক পৃথক অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ আৰু হেৰ’ইনসহ এগৰাকী মহিলা আৰু এজন যুৱকক আটক।

আটকাধীন ড্ৰাগছ ব্যৱসায়ী মহিলা গৰাকী পিংকি গগৈৰ পৰা প্ৰায় ১৯ গ্ৰাম আৰু বিতুল গগৈৰ পৰা ১৩গ্ৰাম মাৰাত্মক হেৰ’ইন জব্দ কৰিছে ডিগবৈ আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত কালি নিশাৰ ভাগত চলিছিল ড্ৰাগছ বিৰোধী অভিযান। দুয়োজনে দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল। ডিগবৈ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here