ডিগবৈ গোলাইৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত বাছখনৰ হেণ্ডিমেন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় যদিও বাকী বাছৰ ভিতৰত থকা আৰোহী সকলৰ দুই এজন সাধাৰণ ভাৱে আহত হয়।
বিয়লি প্ৰায় দুই বজাত জাগুনৰ পৰা তিনিচুকীয়া অভিমুখী এ এছ ০৬ এ চি ০০০৮ নম্বৰৰ ‘মা’ নামৰ যাত্ৰীবাহী বাছ খন ডিগবৈ ১নং গোলাই পাওঁতেই বাছৰ পৰা যাত্ৰী নমাবলৈ ৰাখি দিয়া সময়তে একেদিশৰ পৰা পিছে পিছে দ্ৰুত গতিত আহি থকা এ এছ ০৬ এ চি ২১৩১ নম্বৰৰ মালবাহী ১১০৯ ট্ৰাকখনে বাছখনৰ পিছফালে খুন্দিয়াই দিয়াৰ ফলত বাছ আৰু ট্ৰাকৰ যথেষ্ট ক্ষতি হয় আৰু বাছৰ হেণ্ডিমেনজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।আন যাত্ৰীসকল ভাগ্যক্ৰমে ৰক্ষা পৰে।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News