Wednesday, May 24, 2023
HomeAssameseডিগবৈত পঞ্চাছ উধ্বৰ্ৰ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ডিগবৈত পঞ্চাছ উধ্বৰ্ৰ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত বগাপানী অঞ্চলত এজন পঞ্চাছ উধ্বৰ্ৰ ব্যক্তিৰ মৃতদেহ শুক্ৰবাৰে বিয়লি উদ্ধাৰ হোৱাত চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে, বগাপানী অঞ্চলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু নিলগৰ হাবিত স্থানীয় কেইজনমান লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। প্ৰায় ৫৬ বছৰীয়া ব্যক্তিজন বৰবিল অঞ্চলৰ বাসিন্দা মণ্টু দেৱনাথ বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। বাতৰি লিখা পৰলৈকে মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ হোৱা নাই যদিও ঘটনাস্থলীত উপস্থিত থকা একাংশই উচ্চ ৰক্তচাপৰ ফলত ব্যক্তিজনৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে। মৃত্যুৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্ত পিছতহে পোহৰলৈ আহিব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments