ডিগবৈত দুদিনীয়াকৈ তিনিচুকীয়া জিলা কাৰাটে প্ৰতিযোগিতা আৰম্ভ
তিনিচুকীয়া জিলাৰ কাৰাটে সন্থাৰ উদ্যোগত ২৭ আগষ্ট পুৱাৰে পৰা ডিগবৈ মুলিয়াবাৰীস্থিত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত (বিহুতলী) তিনিচুকীয়া জিলা কাৰাটে প্ৰতিযোগিতা আৰম্ভ কৰা হয়।
প্ৰতিযোগিতা খন ২৮ আগষ্টত অন্ত পৰিব।
read more-পঞ্চম বাৰ্ষিক Assam Karate Du Championship 2022ৰ বিজয়ী খেলুৱৈ সকলক সম্বৰ্ধনা

কাটা আৰু কুমিটে উভয় ইভেণ্টত ছাব জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। তিনিচুকীয়া জিলা কাৰাটে প্ৰতিযোগিতাত জিলাৰ বিভিন্ন ঠাইৰ ৩শ প্ৰতিযোগীয়ে প্ৰতিযোগিতাত ভাগ লৈছে।
প্ৰতিযোগিতা আৰম্ভণিতে তিনিচুকীয়া জিলা কাৰাটে সন্থাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি জ্যোতিমণি মৰাণে আৰু আয়োজক সমিতিৰ সভাপতি চন্দন চাকিয়ে আনখন পতাকা উত্তোলন কৰে।
উদ্যোক্তা সমিতি, খেলুৱৈ,অভিভাৱক দৰ্শক, বিশিষ্ট ক্ৰীড়া সংগঠকক ফনিধৰ গগৈৰ সৈতে ৫ শতাধিক লোক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News