ডিগবৈত উদ্ধাৰ হৰিণা মাংস
ডিগবৈৰ কলনিত নিশা কটা হৰিণা পশু মাংস উদ্ধাৰ। ডিগবৈ বগাপানী কলনিৰ সমীপতে লাক্ষীপথাৰ বনাঞ্চল পৰা কেইজনমান দুৰ্বৃত্তই চোৰাং কৈ পহু মাংস কাটি লৈ আহি থকা অৱস্থাত ডিগবৈৰ NGO ” Wild Care Foundation” ৰ বিষয়ববীয়া ফাৰুক আলিয়ে প্ৰত্যক্ষ কৰে হৰিণা পহুৰ মুৰৰ সৈতে প্ৰায় চাৰি কেজি মান পহুৰ মাংসৰ এটা বেগ। দুৰ্বৃত্ত কেইজনক ধৰিবলৈ লওঁতেই লগে লগে পথৰ মাজতে মাংস বেগ এৰি পলায়ন কৰে চোৰাং চিকাৰী কেইজনে। তাৰ পাছতে NGO টোৰ বিষয়া গৰাকীয়ে পহু মাংসৰ বেগ সহ ডিগবৈ আৰক্ষী থানালৈ লৈ আনি ডিগবৈ ৰ বন বিভাগৰ চমজাই দিয়ে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News