ডিগবৈত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন হোৱা বিষ্ণু ৰাভা গীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান
ডিগবৈ আঞ্চলিক ছাত্র সংস্থাৰ উদ্যোগত যোৱা ১৩ জুনৰ পৰা আৰম্ভ কৰা বিষ্ণু ৰাভা গীতৰ কৰ্মশালাৰ আজি সফল সামৰণি পৰে।
ডিগবৈ স্থিত বৰবিল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত কৰ্মশালা খনিতে ডিগবৈত অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫০ গৰাকী ছাত্র ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।
ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিষ্ণু ৰাভা সংগীতৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানৰ
কাৰ্যসূচী অনুষ্ঠানটিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ডিব্ৰুগড়ৰ ভুৱন গগৈ।
ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক আব্দুল ৰাজাই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকে ডিগবৈ বিশিষ্ট সাহিত্যিক পুন্য শইকীয়া,
সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য নিখিল কোঁচ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News