ডিগবৈত অসম দৰ্শন আঁচনিৰ ১৫ টাকৈ নামঘৰৰ শুভ উদ্বোধন
ডিগবৈত একে দিনাই বিধায়ক সুৰেন ফুকনৰ প্রচেষ্টাত অসম দৰ্শন আঁচনিৰ আঢ়ৈ দুই লাখ পঞ্চাশ হাজাৰ টকা ব্যয়েৰে নিৰ্মিত ১৫ টাকৈ নামঘৰ শুভ উদ্বোধন কৰা হয়।
read more-মাকুমত মটৰ ড্ৰাইভিং ট্ৰেনিং স্কুল মুকলি
সমাজত বিৰাজমান অৰাজকতা নাশ কৰি সমাজৰ প্ৰতিগৰাকী মানুহৰ অন্তৰত গুৰু ভক্তিৰ সঞ্চাৰ কৰাৰ অৰ্থে গুৰুজনাই সৃষ্টি কৰা সামাজিক ভাৱে একত্ৰিত হোৱাৰ এক অনুষ্ঠান আমাৰ নামঘৰ সমূহ৷ এই সামাজিক অনুষ্ঠানৰ উন্নয়নৰ বাবে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে দায়বদ্ধতাৰে কাম কৰি আহিছে ৷

অসম দৰ্শনৰ ১৫ টি নামঘৰৰ লগতে এটি বিধায়ক এলেকা উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্য্যালয় আৰু এটি সৰস্বতী মন্দিৰৰ ডিগবৈ সমষ্টিৰ জনপ্ৰিয় বিধায়ক সুৰেন ফুকনে শুভ উদ্বোধন কৰে ৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News