ডাঙৰ নেতাক আইনে ঢুকি নাপায় নেকি?

0
182

ডাঙৰ নেতাক আইনে ঢুকি নাপায় নেকি?

গাজিয়াবাদত আব্দুল চামাদ নামৰ মুছলমান লোক এজনক তাবিজ সংক্ৰান্তীয় ঘটনাত কোনো মানুহৰ দ্বাৰা প্ৰহৃত হোৱা ভিডিঅ’ এটাই অতি সম্প্ৰতি ভাৰতৰ ধৰ্মীয় ৰাজনীতি উত্তাল কৰি তুলিছে। জানিব পৰা মতে, সেয়া “তাবিজ”ক লৈ মুঠতে দহজন মানুহে আব্দুল চামদক মাৰ-পিট কৰিছিল। সেই মাৰ পিট কৰা সকলৰ পাঁচ জন হিন্দু ধৰ্মৰ লোক আৰু পাঁচ জন মুছলমান ধৰ্মৰ লোক আছিল। কোনোবাই ভিডিঅ’ কৰিলে, সেয়া ছেকেণ্ডত সকলোৰে হাতত পৰিল।
ভিডিঅ’ৰ বক্তব্যত আব্দুল চামাদে অভিযোগ আনিছিল যে – তেওঁক কোনোবাই “জয় শ্ৰী ৰাম” বুলি ক’বলৈ বাধ্য কৰাইছিল। তেওঁ “জয় শ্ৰী ৰাম” কোৱাৰ পিছতো মাৰ-পিট চলিল থাকিল, তেওঁৰ দাড়ি কাটি দিলে, তেওঁৰ প্ৰভূৰ নাম লওঁতে আকৌ “জয় শ্ৰী ৰাম” ক’বলৈ বাধ্য কৰালে।
তাক ভাৰতৰ দিগ্গজ নেতা, ৰাহুল গান্ধী, মুছলমানৰ মচিহা আচাদউদ্দিন ওৱেচিয়ে লগে লগে ধাৰ্মিক অসহিষ্ণুতাৰ কবচ পিন্ধাই দিলে। দাড়ি কটা সকলৰ চৈধ্য পুৰুষক গালি-শপনিৰে পুতি পেলালে। তাতেই আকৌ টুইটাৰে জ্বলা জুইত ঘিউ ঢলাৰ বাট প্ৰশস্ত কৰি তুলিছে। এজন মুছলমানৰ দুষ্কৰ্য এটা ক্ষণিকৰ ভিতৰতে ধৰ্মীয় উন্মত্ততালৈ ঠেলি দিয়া হ’ল। তাৰ জৰিয়তে ভাৰতৰ হিন্দু সকলৰ সনাতন গৰিমা, সহিষ্ণুতা, ধৰ্মীয় উদাৰতাৰ পৰীক্ষা লোৱা হ’ল।
এনেকুৱা ঘটনাবোৰ বাৰে বাৰে হৈ আছে। অতীতো হৈছিল, এতিয়াও হৈ আছে। প্ৰশ্ন উত্থাপন হৈছে – ভবিষ্যতলৈ আৰু কিমান ধৈৰ্য্যৰ পৰীক্ষা লোৱা হ’ব?
ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ওৱেচি আদিৰ নিচিনা দেশৰ মুধা ফুটা জন নায়কে বাৰে বাৰে জনতাৰ হিতৰ পৰিপন্থী কাৰ্য্যত লিপ্ত হৈ পৰে। সেয়া NRC – ৰ ক্ষেত্ৰতেই হওক, CAA – ৰ ক্ষেত্ৰতেই হওক, কাশ্মীৰ প্ৰসংগতেই হওক নাইবা ক’ৰণা মহামাৰীৰ ক্ষেত্ৰতেই হওক, সকলো প্ৰসংগতেই এইসকল নেতাৰ মুৰত উল্টা বুদ্ধিয়ে ক্ৰিয়া কৰে।

আজি কালি মোবাইল, ফেচবুক, টুইটাৰ আদিৰ আশীৰ্বাদত আৰু মানুহৰ মানসিক স্খলনৰ বদান্যতাত সকলো কথাত নিমিষতে ভাইৰাছ সংক্ৰমণ হৈ পৰে। তাতেই উবুৰি খাই পৰে মানুহ নামৰ কিছুমান ভয়ংকৰ ভাইৰাছে। এই ভাইৰাছবোৰে সকলোতে কেৱল নিজৰ ঘৃণনীয় অভিসন্ধি আৰু স্বাৰ্থ পূৰণৰ সুযোগ বিচাৰি থাকে।
এতিয়া কথা হ’ল – এই ভাইৰাছবোৰৰ বিৰুদ্ধে ভেকচিন কেতিয়া তৈয়াৰ কৰা হ’ব? যি কোনো সভ্য মানুহেই মাৰ- পিট, ধৰ্মীয় অসহিষ্ণুতাৰ বিৰুদ্ধে থিয় দিব। লগতে অনৈতিক কাৰ্য এটাক ধৰ্মীয় ৰূপ দিয়াৰ বিৰুদ্ধেও মাত মাতিবই। আব্দুল চামাদে যি মিছা কথা প্ৰকাশ কৰিছে সি শাস্তি পোৱাৰ যোগ্য। তাৰ লগতে সিসকল লোকে আব্দুল চামাদক মাৰ-পিট কৰিছিল, উপযুক্ত অনুসন্ধান কৰাৰ পিছত দোষী সাব্যস্ত হ’লে তেওঁলোকৰো শাস্তি হোৱা উচিত।
দেখা যায় – প্ৰতিবাৰেই মিছা বাতৰি ভাইৰেল কৰি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, আচাদউদ্দিন ওৱেচী বা তেনে বহুত নেতা পিছত মিছা প্ৰমাণিত হৈছে। বিভিন্ন স্কেণ্ডেল কৰি ডাঙৰ নেতা শাস্তিৰ পৰা বাচি যায়। তেনেকুৱা ডাঙৰ লোকক আইনে একো নকৰে।
সাধাৰণ মানুহ প্ৰশ্ন – ডাঙৰ লোকক আইনে ঢুকি নাপায় নেকি?
এইবাৰ আব্দুল চামেদৰ ঘটনা বিকৃত কৰা আৰু ধৰ্মীয় উন্মত্ততা সৃষ্টিৰ অভিযোগত আব্দুল চামেদকে ধৰি
ৰাহুল গান্ধী, ওৱেচী আৰু টুইটাৰৰ বিৰুদ্ধে FIR দাখিল কৰাৰ কথা শুনা গৈছে।এই মূহুৰ্তলৈকে মুঠতে পাঁচজনক গ্ৰপ্তাৰ কৰিতে বুলি জনা গৈছে। আৰু কেইজনমানক গ্ৰেপ্তাৰ কৰিবলৈ বাকী। এতিয়া সময়ে ক’ব ডাঙৰ নেতাক আইনে ঢুকি পায় নে নেপায়।
আমি বাট চাই ৰ ম সেই দিনটোলৈ।

আৰ কে বেজবৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here