টৰ’ন্ট আন্ত: ৰাষ্ট্রীয় বোলছবি মহোৎসৱত নিৰ্বাচিত বোলছবিৰ তালিকাত স্থান লাভ কৰিছে ৰীমা দাসৰ ”Tara’s Husband”
টৰ’ন্ট আন্ত: ৰাষ্ট্রীয় বোলছবি মহোৎসৱৰ World Premie-ত নিৰ্বাচিত ১০ বোলছবিৰ তালিকাত স্থান লাভ কৰিছে ৰীমা দাসৰ ”Tara’s Husband” ছবিখনে। অহা ৮ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব লগীয়া এই মহোৎসৱৰ World Premier-ত নিৰ্বাচিত ১০ ছবিয়ে অৰ্জন কৰিছে Best Platform Prize-ৰ বঁটা। এই বঁটাৰ মূল্য ২০,০০০ CAD । উল্লেখযোগ্য যে ২০২২ বৰ্ষৰ উক্ত তালিকাত অন্তর্ভুক্ত ১০ ছবিৰ ভিতৰত “Tara’s Husband” হৈছে একমাত্ৰ ভাৰতীয় চিনেমা।
ৰীমা দাস নিৰ্মিত “Tara’s Husband” চিনেমাখনত এজন ব্যৱসায়ী পিতৃৰ জীৱনৰ বৃত্তান্ত দাঙি ধৰা হৈছে। যি ক’ভিডৰ সময়ত ঘোষণা কৰা লকডাউনৰ ফলত লোকচান সন্মুখীন হ’য় আৰু ব্যক্তিগত সম্পৰ্কসমূহতো ইয়াৰ প্রভাৱ পৰে।
News Desk, Ne India News