টীয়কত একেটা পৰিয়ালতে পুনৰ এক হৃদয় বিদাৰক ঘটনা

0
1035

 

টীয়কত একেটা পৰিয়ালতে পুনৰ এক হৃদয় বিদাৰক ঘটনা
পুনৰ এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গ’ল যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত বানে ধোৱা জাঁজীমুখ ভকত গাঁৱত । ঘটনাৰ বিৱৰণী মতে যোৱা ২৬ মে’ত উক্ত গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ লীলাকান্ত বৰাৰ পুত্ৰ প্ৰাঞ্জল বৰা জাঁজী নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটা কথমপি দুমাহ পূৰ হওঁতেই আজি পুনৰ পুতলী বৰাই স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি দিন দুপৰতে ডিঙিত ৰচিৰে চিপ লৈ ঘৰৰ ভিতৰতেই আত্ম হত্যাৰ পথ বাছি লয়। উল্লেখনীয় যে মেধা সম্পন্ন সন্তানৰ অকাল মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি মাতৃয়ে এই পথ বাছি ললে বুলি অনুমান স্থানীয় ৰাইজৰ।

ৰূপকজ্যোতি বৰা, টীয়ক Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here