ৰাষ্ট্ৰীয় দূৰ্ঘটনা পৰিচালনা পদ্ধতিৰ লগত সংগতি ৰাখি প্ৰাকৃতিক দুৰ্যোগকে আদি কৰি দুৰ্ঘটনাৰ সময়ত ৰেল যাত্ৰীৰ জীৱন ৰক্ষাৰ বাবে ততাতৈয়াকৈ লবলগীয়া সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰেল বিভাগৰ তিনিচুকীয়া মণ্ডলে মকড্ৰিল টিংৰাই ষ্টেচনত অনুষ্ঠিত কৰে।
মকড্ৰিলত অংশ গ্ৰহণ কৰি এন ডি আৰ এফ, এচ ডি আৰ এফ, অসামৰিক প্ৰতিৰক্ষা বিভাগ, ৰেল আৰক্ষী, অসম আৰক্ষী, ৰেলৱে সুৰক্ষা বিভাগ, ৰেলৱে চিকিৎসক ৰ দল আদিয়ে জৰুৰী কালীন সময়ত গ্ৰহন কৰিব লগা ব্যৱস্থা সমূহ প্ৰদৰ্শন কৰে।
মকড্ৰিল কাৰ্যসূচীত তিনিচুকীয়া মণ্ডলৰ এ ডি আৰ এম K Singsong, DSO সুভম কুমাৰ , ADSO শঙ্কৰ ৰামাচন্দ্ৰন , সুৰক্ষা পৰামৰ্শ দাতা নিৰঞ্জন বৰুৱা, জয়ন্ত গোহাঁই, কে চেম্প, কে দাস, অভিজিৎ ডে , প্ৰণৱ কোঁৱৰ লগতে ৰেলৱে বিভিন্ন বিভাগৰ কৰ্মচাৰী উপস্থিত থাকে।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News