টাটা গ্ৰুপৰ প্ৰাক্তন চেয়াৰমেন Cyrus Mistry ৰ দুৰ্ঘটনাত মৃত্যু
টাটা গ্ৰুপৰ প্ৰাক্তন চেয়াৰমেন চাইৰাচ মিষ্ট্ৰিৰ এক পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে ।
খবৰ অনুসৰি মুম্বাইৰ পালঘৰৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা । দুৰ্ঘটনাৰ সময়ত আহমেদাবাদৰ পৰা মুম্বাইলৈ আহি আছিল চাইৰাচ ।

চাইৰাচ মিষ্ট্ৰিয়ে উঠি অহা বাহন খনে পথৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা ।
বাহনখনত আছিল চাইৰাচ মিষ্ট্ৰি সহ আন তিনি ব্যক্তি । দুৰ্ঘটনাটোত চাইৰাচ সহ আন এগৰাকী ব্যক্তিয়ে মৃত্যুক আকোৱালি লয় । দুৰ্ঘটনা সংঘটিত হৈছে ৰবিবাৰে প্ৰায় তিনি বজাত ।
National Desk, Ne India News