Wednesday, March 22, 2023
HomeAssameseটাই সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি

টাই সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি

টাই সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি

টাই সাংস্কৃতিক সমাৰোহ প্ৰস্তুতি সমিতিৰ উদ্যোগত অসম তথা উত্তৰ পুৰ্বাঞ্চলত বসবাস কৰা টাই আন আন টাই ঠালসমূহৰ সাংস্কৃতিক চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে টাই ঠালসমূহৰ মাজত সম্প্ৰীতি আৰু সাংস্কৃতিক বিনিময়ৰ উদ্দেশ্য আগত ৰাখি বৃহৎ টাই সাংস্কৃতিক সমাৰোহ আয়োজনৰ প্ৰস্তুতি চলাইছে।

এই প্ৰস্তুতি সমিতিয়ে যোৱা কিছুদিন ধৰি ঠায়ে ঠায়ে টাই গীত নৃত্যৰ কৰ্মশালা আয়োজন কৰিছে। হাঁহখাটী বিজয়পুৰ গাঁৱতো কালি টাই গীত নৃত্যৰ ৮ দিনীয়া কৰ্মশালাৰ সামৰণি পৰে।

টাই সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি

বিজয়পুৰ নামঘৰ প্ৰাংগনত আয়োজিত সামৰণি অনুষ্ঠানত টাই আহোমসকলৰ জনগোষ্ঠীয় নৃত্য গীত সমূহ প্ৰদৰ্শন কৰে ।

অনুষ্ঠানটো জনগোষ্ঠীটোৰ কেন্দ্ৰীয়,জিলা তথা আঞ্চলিক পৰ্যায়ত নেতৃত্ব বহন কৰি অহা নিত্যানন্দ গগৈ, বিপুল ফুকন ,কল্যাণ গগৈ, চিকন চেতিয়াকে ধৰি বহু কেইগৰাকী নেতৃত্বই অংশগ্ৰহন কৰে।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments