Sunday, May 28, 2023
HomeAssameseটঙনা চাহ বাগিচাত সংঘটিত ললিত দৰ্জীৰ হত্যাকাণ্ডৰ মূল অভিযোক্তক টঙনা আৰক্ষীয়ে গ্ৰেপ্তাৰ...

টঙনা চাহ বাগিচাত সংঘটিত ললিত দৰ্জীৰ হত্যাকাণ্ডৰ মূল অভিযোক্তক টঙনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।

তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত টঙনা বজাৰ নিৱাসী স্বৰ্গীয় ধন বাহাদুৰ দৰ্জীৰ পুত্ৰ ললিত দৰ্জীৰ মৃতদেহ মংগলবাৰে পুৱাই টঙনা চাহ বাগিচাৰ ৭ নম্বৰ লাইনত উদ্ধাৰ কৰা হৈছিল । ললিত দৰ্জীৰ মৃতদেহৰ কেইবাস্থানতো চোকা অস্ত্ৰৰ দাগ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছিল, যাৰ বাবে পৰিয়ালে এইয়া এক হত্যাকাণ্ড বুলি দাবী কৰি টঙনা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিক্তিত টঙনা আৰক্ষীয়ে অভিযান চলাই টঙনা ৮ নম্বৰ লাইনৰ পৰা ললিত দৰ্জীৰ হত্যাকাণ্ডৰ মূল অভিযোক্ত নাগা মুণ্ডা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজুতলৈ প্ৰেৰণ কৰিছে । আৰক্ষীৰ জেৰাত নাগা মুণ্ডাই নিজ বাসগৃহতেই ললিত দৰ্জীক মৰিয়াই হত্যা কৰাৰ কথা স্বিকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments