Wednesday, May 24, 2023
HomeAssameseটঙনা চাহ বাগিচাত ললিত দৰ্জীৰ মৃতদেহ উদ্ধাৰ 

টঙনা চাহ বাগিচাত ললিত দৰ্জীৰ মৃতদেহ উদ্ধাৰ 

তিনিচুকীয়া জিলাৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত টঙনা বজাৰ নিৱাসী স্বৰ্গীয় ধন বাহাদুৰ দৰ্জীৰ পুত্ৰ ললিত দৰ্জীৰ মৃতদেহ আজি টঙনা চাহ বাগিচাৰ ৭ নং লাইনত উদ্ধাৰ কৰা হৈছে । ললিত দৰ্জীৰ মৃতদেহৰ কেইবাস্থানতো চোকা অস্ত্ৰৰ দাগ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে । যাৰ বাবে পৰিয়ালে এইয়া এক হত্যাকাণ্ড বুলি দাবী কৰি টঙনা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । ইফালে, আজি গোৰ্খা ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ এটা সজাতি দল ললিত দৰ্জীৰ টঙনা বজাৰস্থিত বাসগৃহত উপস্থিত হোৱাৰ লগতে টঙনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সাক্ষ্যাত কৰি এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি ঘটনাৰ লগত জড়িত দুখীক কঠোৰ শাস্তি বিহাৰ দাবী জনাই । ইতিমধ্যে টঙনা আৰক্ষীয়ে ললিত দৰ্জীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে । এতিয়া আৰক্ষীৰ সঠিক তদন্ততহে ললিত দৰ্জীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments