জৰাজীৰ্ণ ৰাস্তা শীঘ্ৰে নিৰ্মাণৰ দাবীত তিনিচুকীয়া ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী
উন্নয়নৰ ঢাক ঢোল বজোৱা বি জে পি নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজ্যৰ ৰাস্তা পদূলি সমূহে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।যাৰ ফলত জনসাধা ৰণৰ যাতায়তত ব্যাঘাত জন্মিছে অতিষ্ঠ হৈছে ৰাইজ, অতিষ্ঠ হৈছে জন সাধাৰণ।
তিনিচুকীয়াৰ বিধায়ক তথা শ্ৰম মন্ত্ৰীৰ অকৰ্মন্যতাৰ ওপৰত প্ৰশ্ন উঠাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই মংঙ্গলবাৰে উৰণীয়া সেঁতুৰ কাষত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।
ছাত্ৰ সন্থাৰ বিষয় ববিয়াৰ অনুসৰি তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিছান এ ঝুমুৰ হে গাব জানে কিন্তু তিনিচুকীয়াৰ সমস্যা সমূহ বিধায়ক গৰাকীয়ে বিধান সভাত উত্থাপন কৰিব পৰা নাই ।

যাৰ ফলত তিনিচুকীয়া উন্নতি হব পৰা নাই।প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববিয়াই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰী কয় অতি শ্ৰীঘ্ৰে যদি বাত পথ নিৰ্মাণ নকৰে তেন্তে ইয়াত কৈ জংগী আন্দোলন কৰাৰ হুমকাৰ দিয়ে ।
তিনিচুকীয়া পৰা ৰন্টু বৰশইকীয়া ৰিপোৰ্ট