জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাৱীত ধেমাজি মহকুমা AASU ৰ মানৱ শৃংখল
জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ অতিশীঘ্ৰে নিৰ্মাণৰ দাৱীত ধেমাজিৰ কুলাজানত সদৌ ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি আছুৱে উলিয়ালে এক বিশাল মানৱ শৃংখল। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ–বগীবিল দলঙ সংলগ্ন পথত পথ নিৰ্মাণৰ দাবীত সহস্ৰাধিক আছুকৰ্মীয়ে মানৱ শৃংখলৰে সাব্যস্ত কৰিলে দাবী।
কুলাজানৰ পৰা বগীবিল,জোনাই আৰু ধেমাজি হৈ গোগামুখলৈ যোৱা বিধস্ত হৈ পৰা পথছোৱা নিৰ্মাণত কোনো গুৰুত্ব নিদিয়াত বিভাগীয় কতৃপক্ষৰ তথা চৰকাৰৰ বিৰুদ্ধে আজি এইদৰেই ধেমাজি মহকুমা ছাত্ৰ সন্থাই প্ৰতিবাদ জনায়। প্ৰতিবাদী সকলে ভাৰতীয় পথ প্ৰাধিকৰণ হুঁচিয়াৰ , অসম চৰকাৰ হায় হায়,ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰক,বিজেপি গ- বেক,মন্ত্ৰী ৰণোজ পেগু গ-বেক , বিধায়ক ভূৱন পেগু ৰ কাম নাই , সাংসদ প্ৰদান বৰুৱা হায় হায়” আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তোলে চিলাপথাৰৰ কুলাজান চাৰিআলি।
বিপুল সোণোৱাল , চিলাপথাৰ , Ne India News