জৰাজীৰ্ণ বাটপথ নিৰ্মাণৰ দাবীত তিনিচুকীয়াত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

10

জৰাজীৰ্ণ বাটপথ নিৰ্মাণৰ দাবীত তিনিচুকীয়াত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বাণিজ্যিক নগৰী তিনিচুকীয়াৰ বেছিভাগ বাট পথ সমূহ বিধস্ত অৱস্থাত থকা হেতুকে সাধাৰণ ৰাইজ আৰু পথচাৰীৰ বহু সমস্যাত ভুগি আহিছিল । বৃহস্পতিবাৰে তিনিচুকীয়াৰ ৰঙাগড়া পথত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম তিনিচুকীয়া জিলা সমিতিয়ে , তিনিচুকীয়াৰ জৰাজীৰ্ণ বাট পথ ,নলা নৰ্দমা ,কালভাৰ্ট সমূহ নিৰ্মান কৰা আৰু নগৰৰ পাৰ্কিং সমস্যা সমাধান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ সদস্যসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চৰকাৰ তথা প্ৰশাসনক তিনিচুকীয়াৰ বিধ্বস্ত পথ সমূহ অতিশীঘ্ৰেই নিৰ্মান কৰি জনসাধাৰণক সকাহ দিবলৈ দাবী জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here