Sunday, March 19, 2023
HomeAssameseজ্যোতিপ্ৰসাদৰ পকীত Dr Bhupen Hazarikaক সুৱঁৰি

জ্যোতিপ্ৰসাদৰ পকীত Dr Bhupen Hazarikaক সুৱঁৰি

জ্যোতিপ্ৰসাদৰ পকীত Dr. Bhupen Hazarikaক সুৱঁৰি

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ ‘পকী’ত অসমৰ মহান সন্তান, সুধাকণ্ঠ জ্যোতিপ্ৰসাদৰ পকীত Dr Bhupen Hazarikaক সুৱঁৰিৰ জন্ম দিনত তেওঁলৈ যোৱা কালি (৮ ছেপ্টেম্বৰ) শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হয়।

অনুষ্ঠানটি আয়োজন কৰা হয় অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী (পকী)ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা কবি সন্মিলনৰ সহযোগত। অনুষ্ঠানটিৰ উদ্বোধনী ভাষণত জ্যোতিভাৰতী তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া শ্ৰী জিতেন্দ্ৰ কুমাৰ দাসে পকীৰ ইতিহাস বৰ্ণনা কৰি শ্ৰোতা-দৰ্শকক কিছু সময়ৰ বাবে মুগ্ধ কৰি তোলে।

তেজপুৰৰ আশে-পাশে থকা ষোল্ল-সোতৰ শতিকাৰ কিছুমান মন্দিৰৰ ভগ্নাৱশেষ বুটলি আনি
১৮৭৪ চনত জ্যোতিপ্ৰসাদৰ ককাক হৰিবিলাস আগৰৱালাই পকা গৃহ এটা নিৰ্মাণ কৰিছিল।

সেই সময়ত তেজপুৰৰ ক’তো পকা গৃহ নাছিল। সেই বাবে একমাত্ৰ হৰিবিলাস আগৰৱালাৰ গৃহটোক সকলোৱে ‘পকী’ বুলি কৈছিল। সেয়া এক বিচিত্ৰ ইতিহাস।

যেতিয়াই জ্যোতিপ্ৰসাদৰ পকীত Dr Bhupen Hazarikaক সুৱঁৰি তেজপুৰলৈ আহিছিল, জ্যোতিপ্ৰসাদৰ অৰ্গেনটোত তেওঁ নতুন নতুন সুৰ তুলি বজাইছিল।

স্বাধীনতা আন্দোলনত তেজপুৰৰ সমস্ত কাৰ্য্যসূচী পৰিচালিত হৈছিল পকীৰ পৰা। মহাত্মা গান্ধীৰ দুয়োটা অসম ভ্ৰমণেৰে পকী হৈ পৰিছিল ভাৰত প্ৰসিদ্ধ।

তাৰ পিছতো মতিলাল নেহৰু, জৱাহৰলাল নেহৰু আৰু বহুতো স্বাধীনতাৰ দিগ্গজ নেতাই পকীত পদাৰ্পণ কৰিছিল।

পদ্মনাথ গোহাঞি বৰুৱাই মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণত পকীত আহি গান্ধীজীক দৰ্শন কৰাৰ কথা লিখি থৈ গৈছে।

জ্যোতিপ্ৰসাদৰ পকীত ভূপেনদাক সুৱঁৰি

‘পকী’ৰ স্থাপত্য আৰু নিৰ্মাণশৈলী আহোম আৰু ৰাজস্থানী গঢ়ৰ আটক ধুনীয়া এক সংমিশ্ৰণ

জ্যোতিপ্ৰসাদৰ মানস কন্যা প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ আখৰা কৰা হৈছিল এই পকীতেই। চন্দ্ৰ প্ৰভা শইকীয়ান জড়িত থকা অসমৰ প্ৰথম মহিলা সমিতিৰ জন্মও হৈছিল এই পকীৰ মজিয়াত।

১৯৫১ চনৰ ১৭ জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদে শেষ নিশ্বাস ত্যাগ কৰি মহাশূন্যত বিলীন হৈছিল পকীৰ বুকুৰ পৰাই ।

১৯৭৭ চনৰ ১৭ জানুৱাৰীত ৰূপকোঁৱৰৰ মৃত্যুৰ দিনটোত অসম চৰকাৰে আগৰৱালা পৰিয়ালক ৪ লাখ টকা প্ৰদান কৰি ‘পকী’ক নিজৰ হাতলৈ আনে।

তাৰ পিছৰে পৰাই ‘পকী’ক ‘জ্যোতিভাৰতী’ নামকৰণেৰে অসম চৰকাৰে সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে।

*আকাশী যানেৰে
উৰণীয়া মনেৰে
দোকমোকালিতে
পশ্চিমৰে পৰা, বঙ্গৰে পৰা
মাৰিলো উ…ৰা…..।
মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ*

বৰ্তমান জ্যোতি ভাৰতীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, হাতৰ আখৰ থকা কাকত-পত্ৰ, শোৱা পালেং, লক্ষ্মীনাথ বেজবৰুৱাৰ হাতে লিখা চিঠি, মহাত্মা গান্ধীৰ হাতে লিখা চিঠি আদিৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, শোণিত কোঁৱৰ গজেন বৰুৱা, জ্যোতি প্ৰসাদৰ মাতৃ কিৰণময়ী আগৰৱালাৰ গহনা থোৱা যতন আৰু জ্যোতিপ্ৰসাদৰ অৰ্গেনটো সংৰক্ষণ কৰা হৈছে।

যেতিয়াই ভূপেন হাজৰিকা তেজপুৰলৈ আহিছিল, জ্যোতিপ্ৰসাদৰ অৰ্গেনটোত তেওঁ নতুন নতুন সুৰ তুলি বজাইছিল।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৪ আগষ্টত ৰূপকোঁৱৰ জোতিপ্ৰসাদৰ পকীত উপস্থিত হৈ পকীৰ সংৰক্ষণৰ বাবে কথা দিছিল। লগতে, পকীত থকা সকলো সম্পদ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

প্ৰতিশ্ৰুতি অনুসৰি, নতুন দিল্লীৰ ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছৰ জেষ্ঠ্য পৰামৰ্শদাতা ড° সঞ্জয় ধৰ আৰু অতিৰিক্ত সহায়ক অন্তৰীপ তালুকদাৰ আহি সকলো চোৱা-চিতা কৰিছে ৷

জ্যোতিপ্ৰসাদৰ পকীত ভূপেনদাক সুৱঁৰি

শ্ৰী জিতেন্দ্ৰ কুমাৰ দাসৰ ভাষণত পকীৰ ভৱিষ্যত সম্পৰ্কে কিছু কথা জনা গৈছিল।

অনুষ্ঠীনত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত নৃত্য শিল্পী কৃষ্ণা দাস নাথৰ স্মৃতি চাৰণত ভূপেন দাৰ চিনেমা, সংগীত, জীৱন সম্পৰ্কে বিভিন্ন কথা প্ৰকাশ পায়। লগতে ভূপেন দা আৰু তেওঁৰ বিশাল কৰ্মৰাজি নৱ প্ৰজন্মৰ হাতত সংৰক্ষিত কৰিব লাগিব বুলি শোণিতপুৰ জিলা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক ড০ আৰ কে বেজবৰুৱাই সকলোলৈকে গোহাৰি জনায়।

জ্যোতিপ্ৰসাদৰ পকীত ভূপেনদাক সুৱঁৰি

ভূপেন হাজৰিকা দেৱৰ গীত, তেওঁৰ গীতত কৰা নৃত্য, বিভিন্ন কবিৰ কবিতা আবৃত্তি আৰু ড০ ভবেন্দ্ৰ নাথ শইকীয়া চাৰৰ কথাছবিৰ বিশিষ্ট অভিনেতা – অৰুণ নাথ, ৰমেন বৰা, শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি স্বপন কুমাৰ মৈত্ৰ, সম্পাদিকা – সংগীতা ৰাজখোৱা, সহ সম্পাদিকা মীনা মহন্ত, দিপালী মহন্ত গোস্বামী আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰে বৰ্ণিল পৰিবেশত অনুষ্ঠানটিয়ে এক বিশেষ মাত্ৰা লাভ কৰে।

ড০ আৰ কে বেজবৰুৱা, তেজপুৰ

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments