Sunday, March 19, 2023
HomeAssameseজ্ঞানব্যাপী গোচৰ ! জিলা আদালতে গ্ৰহণ কৰিব শুনানী

জ্ঞানব্যাপী গোচৰ ! জিলা আদালতে গ্ৰহণ কৰিব শুনানী

কাশী বিশ্বনাথ মন্দিৰ ,জ্ঞানব্যাপী মন্দিৰ গোচৰৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ঘোষণা সৰ্বোচ্চ ন্যায়লয়ৰ ।
বেনাৰসৰ নিম্ন আদালতত অব্যাহত থকা গোচৰৰ বিপক্ষে চুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল জ্ঞানব্যাপী মজজিদৰ মুছলিম পক্ষ । চুপ্ৰিম কোৰ্টে মুছলিম পক্ষৰ আবেদন গ্ৰহণ কৰাৰ পিচত শুকুৰবাৰে গুৰুত্বপুৰ্ণ নিৰ্দেশ প্ৰদান কৰে ।
শুকুৰবাৰে তিনি বাজি পোন্ধৰ মিনিটত আৰম্ভ হোৱা শুনানীত হিন্দুপক্ষ , মুছলিম পক্ষৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ উপস্থিত আছিল অধিবক্তা তুষাৰ মেহতা ।
আদালতত দুয়োপক্ষই নিজ নিজ পক্ষ ৰখাৰ পিচত আদালতে গুৰুত্বপুৰ্ণ নিৰ্দেশ প্ৰদান কৰে । মুছলিম পক্ষই জ্ঞানব্যাপী মজজিদৰ ক্ষেত্ৰত হোৱা চাৰ্ভেৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰি এই চাৰ্ভেক নিৰস্ত কৰা আবেদন জনায় । মুছলিম পক্ষৰ এই আবেদনৰ ক্ষেত্ৰত আদালতে কয় , কোনো ধাৰ্মিক স্থলত কোনো তথ্য বিচাৰি চাৰ্ভে কৰাটো কোনো ভুল নহয় । মুছলিম পক্ষই জ্ঞানব্যাপীৰ বজু কৰা ঠাই ( যি ঠাইত শিৱলিংগ উদ্ধাৰ হৈছে বুলি হিন্দুপক্ষই দাবী কৰিছিল ) ৰ স্থিতি পুৰ্বৰ দৰে ৰখাৰ দাবী তুলিছিল । আদালতে কয় , উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে কৈছে বজু কৰাৰ বাবে অন্য ব্যৱস্থা লোৱা হৈছে ।
আনহাতে হিন্দু পক্ষই আবেদন কৰিছিল , জ্ঞানব্যাপীত হোৱা চাৰ্ভেৰ প্ৰতিবেদন আদালতে পৰীক্ষা কৰক । আদালতৰ মন্তব্য , চাৰ্ভেৰ ৰিপৰ্ট পৰীক্ষা কৰা নকৰাটো জিলা আদালতৰ কাম হব , কাৰণ জ্ঞানব্যাপী গোচৰ শুনানী এতিয়াৰে পৰা নিম্ন আদালতৰ ঠাইত জিলা আদালতে কৰিব । জিলা আদালতে গোচৰটোৰ শুনানী কেনেদৰে আগুৱাই নিয়ে , এইক্ষেত্ৰত সৰ্বোচ্চ ন্যায়লয়ে কোনোধৰণৰ হস্তক্ষেপ নকৰে ।
৪ বাজি ১০ মিনিটত সৰ্বোচ্চ ন্যায়লয়ৰ তিনিজনীয়া বেঞ্চে ৮ মাহৰ ভিতৰত শুনানী সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে জিলা আদালতক ।

National Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments