জ্ঞানব্যাপী গোচৰৰ পৰৱৰ্তী শুনানী ১২ জুলাইত ! ASI ৰ দ্বাৰা পৰীক্ষা কৰোৱাৰ আবেদন হিন্দু পক্ষৰ
আজি বেনাৰসৰ জ্ঞানব্যাপী গোচৰৰ শুনানী গ্ৰহণ কৰে বেনাৰসৰ জিলা সত্ৰ ন্যায়ধীশৰ আদালতে । প্ৰথমে মুছলমান পক্ষই ৩৭ নম্বৰ বিন্দুৰ পৰা নিজৰ পক্ষ ৰাখে আদালতত । তাৰপিচতে হিন্দু পক্ষৰ হৈ নিজ পক্ষ ৰাখে অধিবক্তা বিষ্ণু জৈনে ।
অযোধ্যাৰ ৰামমন্দিৰৰ লেখিয়াকৈ জ্ঞানব্যাপী শৃংগাৰ গৌৰীৰ অনুসন্ধান বা পৰীক্ষা Archaeological Survey of India চমুকৈ ASI ৰ দ্বাৰা কৰোৱাবলৈ আবেদন জনায় হিন্দু পক্ষই । দুয়োপক্ষৰ সমগ্ৰ বিন্দুৰ ওপৰত নজৰ ৰাখি আদালতে ১২ জুলাইত পুনৰ শুনানী গ্ৰহণৰ তাৰিখ ধাৰ্য কৰে ।
National Desk , Ne India News