Saturday, April 1, 2023
HomeAssameseজেলত বন্দী ৰাম ৰহিম নকল ! পুনৰ চৰ্চাত ৰাম ৰহিম

জেলত বন্দী ৰাম ৰহিম নকল ! পুনৰ চৰ্চাত ৰাম ৰহিম

জেলত বন্দী ৰাম ৰহিম নকল ! পুনৰ চৰ্চাত ৰাম ৰহিম

ডেৰা চচ্চা চৌদাৰ প্ৰমুখ গুৰমিত ৰাম ৰহিম সিঙক মনত আছে নিশ্চয় । চিৰচাত অৱস্থিত ডেৰা চচ্চাৰ আশ্ৰমত দুগৰাকী মহিলা ভক্তক ধৰ্ষণ কৰাৰ অভিযোগ প্ৰমাণিত হোৱাত ২০১৭ চনত গুৰমিত ৰাম ৰহিমক ২০ বছৰৰ কাৰদণ্ড বিহিছিল পঞ্চকুলাৰ আদালতে ।
২০১৭ চনৰ পৰা ২০২২ লৈ জেলত বন্দী আছিল ৰাম ৰহিম । কিছুদিন পুৰ্বে পেৰলত বাহিৰলৈ আহি চিৰচাৰ আশ্ৰমলৈ গৈছিল ৰাম ৰহিম । চিৰচাত ৰাম- ৰহিমক সাক্ষাতো কৰিছিল অনুৰাগী , ভক্ত সকলে ।
তাৰপিচতে আৰম্ভ হৈছে এক বিতৰ্ক । ৰাম ৰহিমক সাক্ষাৎ কৰি অহা তেঁ‌ৱেৰে এগৰাকী ভক্ত অশোক কুমাৰে অভিযোগ কৰিছে যে চিৰচাৰ ডেৰা চচ্চাৰ আশ্ৰমত বৰ্তমানে থকা ৰাম ৰহিম গৰাকী প্ৰকৃত ৰাম ৰহিম সিং নহয় । প্ৰকৃত ৰাম ৰহিমক অপহৰণ কৰা হৈছে আৰু নকলী ৰাম ৰহিমক জেলত ৰখা হৈছিল । চণ্ডীগড়ৰ বাসিন্দা ডেৰা চচ্চাৰ পুৰণি ভক্ত অশোক কুমাৰৰ লগতে তেওঁ‌ৰ কেইগৰাকীমান সদস্যই ইতিমধ্যে ন্যায়লয়ৰো দ্বাৰস্থ হৈছে । তেওঁ‌লোকে পঞ্জাৱ- হাৰিয়াণা উচ্চ ন্যায়লয়ত এই সম্পৰ্কত আবেদন দাখিল কৰিছে । অশোক কুমাৰে কয় , তেওঁ‌ সুত্ৰৰ পৰা খবৰ লাভ কৰিছে যে প্ৰকৃত ৰাম ৰহিমক অপহৰণ কৰা হৈছে , নকল ৰাম ৰহিমক জেলত বহুৱাই ৰখা হৈছে । চিৰচা তথা বাগপতত বৰ্তমানে থকা ৰাম ৰহিম প্ৰকৃত নহয় ,নকলী । বৰ্তমান ৰাম ৰহিমৰ আচাৰ ব্যৱহাৰ ভিন্ন , বৰ্তমানে আশ্ৰমত থকা ৰাম ৰহিমে তেওঁ‌ৰ সতীৰ্থ সকলকো চিনি নেপায় ।

National Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments