Monday, May 22, 2023
HomeAssameseজিগনেশ মেৱানীক গুজৰাটৰ মহেশ্বানা আদালতৰ দ্বাৰা তিনি মাহৰ কাৰাদণ্ড

জিগনেশ মেৱানীক গুজৰাটৰ মহেশ্বানা আদালতৰ দ্বাৰা তিনি মাহৰ কাৰাদণ্ড

গুজৰাটৰ বিধায়ক জিগেনেশ মেৱানীক তিনিমাহৰ কাৰাদণ্ড বিহিছে মহেশ্বানা আদালতে । লগতে মেৱানীক এহেজাৰ টকাৰ জৰিমণা বিহিছে আদালতে । মেৱানীৰ লগতে NCP ৰ নেতা ৰেশমা পেটেল আৰু সুবোধ পৰমাৰকো তিনি মাহৰ কাৰাদণ্ড বিহিছে আদালতে । লগতে আন ১২ গৰাকী লোককো শাস্তি বিহিছে মহেশ্বাণা আদালতে ।
পাচ বছৰ পুৰণি এক গোচৰত এই কাৰাদণ্ডৰ শাস্তি বিহিছে আদালতে । ২০১৭ চনত অনুমতি অবিহনে মেৱানীৰ নেতৃত্বত আজাদী ৰেলী ওলোৱা হৈছিল । তাৰ বিৰুদ্ধে ২০১৭ চনতে জিগনেশ মেৱানী , ৰেশমা পেটেল , সুবোধ পৰমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ।
বৰ্তমান জিগনেশ মেৱানী জামিন লাভ কৰি আছে । শেহতীয়া ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টুইট কৰি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল জিগনেশ মেৱানী । তাৰপিচতে কোকৰাঝাৰ আদালতৰ পৰা জামিন লাভ কৰিছিল মেৱানীয়ে ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments