এপ্ৰিল মাহৰ ১৬ তাৰিখে দিল্লীৰ জাহাংগীৰপুৰী সংঘটিত হিংসাত্মক ঘটনাৰ মাষ্টাৰ মাইণ্ড অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল । হনুমান জয়ন্তী উপলক্ষে উলিওৱা সমদলত শিলাবৰ্ষণ কৰিছিল এদল ইচলামধৰ্মীয়ে । হিন্দু ধৰ্মালম্বী সকলৰ সমদল যেতিয়া জাহাংগীৰপুৰ মজজিদৰ সন্মুখত উপস্থিত হয় তাৰপিচতে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ । পথৰ ওচৰৰ অট্টালিকাৰ ছাদৰ পৰা শিলাবৰ্ষণ কৰে হনুমান জয়ন্তীৰ সমদলত ভাগ লোৱা সমদলকাৰীৰ ওপৰত । বন্দুকেৰে আক্ৰমণ চলোৱা হয় । বন্দুকেৰে কৰা আক্ৰমণত আহত হয় দিল্লী আৰক্ষীৰ এগৰাকী জোৱান ।
জাহাংগীৰপুৰীৰ সেই হিংসাত্মক ঘটনাত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২৩ টা উপদ্ৰৱকাৰীক ।
তাৰপিচতো কিন্ত মুক্ত আকাশৰ তলত আছিল জাহাংগীৰপুৰী হিংসাত্মক ঘটনাৰ মাষ্টাৰমাইণ্ড । গ্ৰেপ্তাৰ হোৱা ২৩ উপদ্ৰৱকাৰীৰ মাজৰে ফৰিদ আৰু আনচাৰ মুল মাষ্টাৰ মাইণ্ড বুলি ভবা হৈছিল যদিও ,দিল্লী পুলিচৰ তদন্তত ওলাই পৰিছে জাহাংগীৰ পুৰী হিংসাত্মক ঘটনাৰ মুল মাষ্টাৰ মাইণ্ড আচলতে টবৰেজ হে আছিল ।
তাৎপৰ্যপুৰ্ণ কথাটো হল , হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিচত অঞ্চলটোত উলিওৱা শান্তি সমদলত এই টবৰেজেই আৰক্ষীৰ সৈতে ঘুৰি ফুৰিছিল । আৰক্ষীয়ে ভু কে পোৱা নাছিল টবৰেজৰ কৰ্মকাণ্ডৰ । শনিবাৰে ক্ৰাইম বাঞ্চৰ গ্ৰেপ্তাৰৰ পিচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ধৰিছে । পোহৰলৈ আহিছে হনুমান ভক্ত সকলৰ ওপৰত কৰা শিলাবৰ্ষণত সক্ৰিয় ভুমিকা লৈছিল টবৰেজে ।
National Desk , Ne India News