জামিন লাভ দুই লাচিত সেনাৰ নেতাৰ
জামিনত মুক্তি লাভ কৰে লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ যুটিয়া সচিব বিপ্লৱ গগৈ আৰু উজ্জ্বল দিহিঙ্গীয়া। মঙ্গলবাৰ অৰ্থাৎ 2 আগষ্টৰ দিনা ডিগবৈত ড্ৰাগছৰ বিৰুদ্ধে বাহিৰ কৰা জোঁৰ সমদলত আৰক্ষীয়ে লাঠী চার্জ কৰি আটক কৰিছিল বীৰ লাচিত সেনাৰ এই দুজন নেতাক। ডিগবৈত দুই নেতা উপস্থিত হোৱাৰ লগে লগে সতীৰ্থ সকলে জিন্দাবাদ ধ্বনি ৰে আদৰণি জনাই। ডিগবৈ চহৰৰ পৰা সংগঠনটোৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰি দুয়োকে আদৰি লৈ যায় লাচিত সেনাৰ সেনিক সকলে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News