জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ঘৰুৱা ক্রিকেট ছিজন

0
125

জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ঘৰুৱা ক্রিকেট ছিজন

কৰনা মহামাৰী বাবে দেশৰ ঘৰুৱা ক্রিকেট ছিজন বন্ধ হৈ আছে ৷ স্থগিত হৈ থকা ঘৰুৱা ক্রিকেট ছিজন অহা পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৷ এই কথা জনাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে ৷
শনিবাৰে ব’ডৰ এপেক্স কাউঞ্চিলৰ সৈতে হোৱা বিস্তৃত আলোচনাৰ অন্তত তেওঁ কয় যে ‘ঘৰুৱা ক্রিকেট ছিজন সন্দর্ভত আমি এক বিস্তৃত আলোচনাত মিলিত হৈছোঁ৷ এই আলোচনাত আমি অহা ১ জানুৱাৰীৰ পৰা ঘৰুৱা ক্রিকেট ছিজন আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছো৷
সকলো ঘৰুৱা ক্রিকেট প্রতিযোগিতা আয়োজন কৰাটো সম্ভৱ নহ’ব৷ কিন্তু ৰঞ্জি ট্রফী পূর্ণাংগ ৰূপত আয়োজন কৰিবলৈ আমি আগ্রহী৷ জানুৱাৰীৰ পৰা মার্চৰ ভিতৰত ৰঞ্জি ট্রফী আয়োজন কৰা হ’ব৷

গাংগুলীয়ে কয় যে ফেব্রুৱাৰীত ভাৰতলৈ আহিবলগীয়া ইংলেণ্ড ক্রিকেট দলৰ ভ্রমণৰ সূচী এই পর্যন্ত নিশ্চিত হোৱা নাই৷ ক’ভিডৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে এই শৃংখলাৰ সূচী নির্ধাৰণ কৰা হ’ব৷
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here