জাতীয় মহিলা সেনাৰ বকোৰ ডাকুৱাপাৰাত সম্বৰ্দ্ধনা অনুস্থান
দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বকো আঞ্চলিক সমিতিৰ সহযোগত জাতীয় মহিলা সেনাৰ বকোৰ ডাকুৱাপাৰাত সম্বৰ্দ্ধনা অনুস্থান।
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন পাই ৯৪.৬৭পাই বকোৰ সুনাম অৰ্জন কৰে ধৃষ্টি কলিতা ।
আৰু আজি দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বকো আঞ্চলিক সমিতিৰ সহযোগত জাতীয় মহিলা সেনাৰ সহযোগত ২নং ডাকুৱাপাৰাৰ দ্বিজেন কলিতা আৰু বৰ্ণালী কলিতাৰ কন্যা ধৃষ্টি কলিতাক সম্বৰ্দ্ধনা জনাই।
সম্বৰ্দ্ধনা অনুস্থানটো আতধৰে দক্ষিণ কামৰূপ জিলা জাতীয় সেনাৰ সভানেত্ৰী অদিতি কলিতাই।
৯৪.৬৭পাই বকোৰ সুনাম অৰ্জন কৰা ধৃষ্টি কলিতাক সম্বৰ্দ্ধনা পত্ৰ, ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।
কোনোমতে মেতেভাতে খাই,কষ্ট,ত্যাক কৰি ঘৰখনত ভাল ফল লাভ কৰা ধৃষ্টি কলিতাৰ পৰিয়ালটোক চৰকাৰক দৃষ্টি গোচৰ কৰাৰ বাবে অনুৰোধ জনাই মহিলা সেনাৰ সভানেত্ৰী অদিতি কলিতাই।
ধৃষ্টি কলিতা ৰ আশা নগাঁওৰ আগশাৰী মহাবিদ্যালয়ত শিক্ষা লোৱাৰ কিন্তু আৰ্থিক দূৰৱস্থাৰ বাবে বকো জৱাহৰলাল নেহৰুৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জনাই শিক্ষাৰ্থী গৰাকী।
মহিদুল ইছলাম , বকো , Ne India News