বিগত কেইবা বছৰ জুৰি ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত টনকিয়াল কৰাত অতুলনীয় অৱদান আগবঢ়াই আহিছে মাকুম অঞ্চলৰ বাৰেকুৰি স্থিত জাতীয় বিদ্যালয় বাৰেকুৰী নামৰ শৈক্ষিক প্ৰতিষ্ঠান টোৱে।ছাত্ৰ ছাত্ৰীক কলা সংস্কৃতিৰ দিশত আগ বঢ়াই নিবৰ বাবে বাৰেকুৰি জাতীয় বিদ্যালয় এ নতুন কৈ সংযোজন কৰিছে অতিৰিক্ত প্ৰতিভা বিকাশ পাঠ্যক্ৰম।এই পাঠ্যক্ৰম ত অন্তৰ্ভুক্ত হৈছে শাস্ত্ৰীয় সংগীত,জ্যোতি সংগীত,ৰাভা সংগীত, ভুপেন্দ্ৰ সংগীত,আধুনিক গীত, ঢোঁল বাদন, পেঁপা বাদন,
গীটাৰ, কী বোৰ্ড,দ্ৰাম,সত্ৰীয়া নৃত্য, বিহু নৃত্য,আধুনিক নৃত্য,চিত্ৰাংকন আদি। প্ৰত্যেক শনি বাৰ আৰু ৰবি বাৰৰ দিনা ছাত্ৰ ছাত্ৰী ক উক্ত প্ৰশিক্ষণ সমূহ প্ৰদান কৰা হব।উল্লেখ্য যে বাৰেকুৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বাৰেকূৰি জাতীয় বিদ্যালয় ৰ উক্ত পদক্ষেপে এক অতুলনীয় অৱদান আগবঢ়াব।
ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট,তিনিচুকীয়া ,Ne India News