জাগুন নামফাইত ধান খেতিৰ ন-ভূঁই পৰ্ব
নামফাই গাঁৱৰ ৰাইজৰ ব্যতিক্ৰমী পদক্ষেপ। সমূহীয়া ভাৱে ওলাই আহি ৬বিঘা মাটিত ৰুলে ন-ভূঁই। আনন্দ আল্লাহৰ মাজৰে পুৰুষ মহিলা উভয়ে পথাৰৰ মাজতেই গ্ৰহণ কৰিলে ন ভূঁইৰ দুপৰীয়াৰ আহাৰ।সমূহীয়া ভাৱে ধান উৎপাদন কৰি কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ উপৰিও গাঁৱৰ অৰ্থনীতি সবল কৰাৰ মানসৰে নামফাই বাসীয়ে ললে এই পদক্ষেপ ।
অসম অৰুণাচলৰ একেবাৰে সীমান্তৱৰ্তী এখন গাওঁ নামফাই। নামফাই বাসী গাঁৱৰ ৰাইজৰ একতা তথা মৰম স্নেহৰ এক পদক্ষেপে আকৰ্ষিত কৰিছে সকলোকে। ৰাইজে এইবাৰ নামিছে সমূহীয়া ধান খেতিৰ উৎপাদনত। গাঁৱৰে পৰি থকা ৬বিঘা মাটি সহাই আজি পুৰুষ মহিলা উভয়ে পুৱাৰে পৰাই পথাৰত ব্যস্ত হৈ পৰিল ভূঁই ৰোৱাত। নামফাই বাসী ৰাইজৰ সংকল্প, সমূহীয়া ভাৱে ধান উৎপাদন কৰি বিক্ৰী কৰি পোৱা ধনেৰে গাঁৱৰ অৰ্থনীতি সবল কৰি গাওঁ খনৰ সমূহীয়া বিভিন্ন উন্নয়নৰ কাম আগুৱাই নিয়া। তাৰে পৰিপ্ৰেক্ষিতত আজি আনন্দ উল্লাসৰ মাজেৰে গাওঁ বাসীক পথাৰৰ মাজত দেখা গল এক সহা জীৱনৰ ৰূপত। ৰুৱনি সকলে ভূঁই ৰুই থকাৰ সময়ত আনন্দতে বিহু গীতেৰে জিপাল কৰি তোলে মুকলি পথাৰৰ আকাশ বতাহ। পৰবৰ্তী সময়ত সকলোৱে একত্ৰিত হৈ পথাৰৰ মাজতে হাঁহে বাঁহে জ্যোতি লগাই সকলোৱে গ্ৰহণ কৰিলে এসাঁজ প্ৰীতিৰ আহৰ ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News