Thursday, May 25, 2023
HomeAssameseজাগুনৰ ৰামপুৰ গাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস ! চাহ বাগান, তামোলগছ ভাঙি তহিলং

জাগুনৰ ৰামপুৰ গাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস ! চাহ বাগান, তামোলগছ ভাঙি তহিলং

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত জাগুন বন আঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ জাগুন ৰামপুৰত নিশাৰে পৰা এটা বন্যহস্তীৰ জাকে কৰা মুক্ত বিচৰণত শংকিত হৈ পৰিছে অঞ্চলবাসী। কেইবাটাও পোৱালী সহ অহা হাতী জাকটোৱে খাদ্যৰ সন্ধানত ওলাই আহি ৰামপুৰৰ এখন ব্যক্তিগত চাহ বাগানত আশ্ৰম লৈ থকাত বন বিভাগে শূন্যলৈ গুলী ফুটাই খেদোৱাৰ চেষ্টা কৰিছে যদিও বৰ্ত্তমানেও বাগানতে আশ্ৰয় লৈ আছে।

উল্লেখ্য যে, বনকৰ্মী আৰু চোৰাং কাঠমাফিয়াৰে হোৱা গোপন মিতিৰালিৰ বাবেই ক্ৰমান্বয়ে উছন হবলৈ ধৰা বনাঞ্চলত হোৱা খাদ্য নাটনিৰ বাবেই নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে যদিও বন বিভাগে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিপৰীতে কমিছন হেৰুৱাৰ ভয়ত চকুমুদা কুলিৰ ভাও লোৱাহে দেখা যায় বিভাগীয় কৰ্তৃপক্ষক। যাৰফলত গোপন মিতিৰালিৰ কৰুণ পৰিণতিৰ ফল ভোগ কৰিব লগা হৈছে সৰ্ব সাধাৰণ ৰাইজে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি সন্ত্ৰাস চলাইছে। আজি নিশা জাগুনৰ ৩নং ৰামপুৰত পোৱালি সহ চাৰিটাকৈ বনৰীয়া হাতীয়ে থিতাপি লৈছে যদিও বিভাগীয় লোকে খেদি পঠোৱাত ব্যৰ্থ হৈছে যাৰবাবে এখন ব্যক্তিগত বাগান আৰু তামোল গছ ভাঙি তহিলং কৰিছে। 

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments