জাগুনত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু গেছ চিলিণ্ডাৰ বিতৰণ
জাগুনৰ বিষ্ণুপুৰত অইল ইণ্ডিয়া লিমিটেডৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। ৰটাৰি ক্লাব ডিগবৈৰ সহযোগিতাত অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা প্ৰায় ডেৰ শতাধিক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান।
অইল ইণ্ডিয়া লিমিটেডৰ পাঁচ জনকৈ বিভিন্ন বিভাগৰ চিকিৎসা বিশেষজ্ঞই আজি এই শিবিৰত চিকিৎসা সেৱা আগবঢ়াই। উল্লেখ্য যে এই চিকিৎসা বিশেষজ্ঞ সকলৰ ওপৰি কেইবা গৰাকী পৰিচাৰিকা (নাৰ্ছ) তথা ফাৰ্মাচিষ্টৰ উপস্থিতিত হুচাৰূপে স্বাস্থ্য পৰীক্ষা চলাই যায়।

বিশেষকৈ আজি অইল ইণ্ডিয়া লিমিটেডৰ ৬৩ সংখ্যক ইণ্ডিয়ান অইল দিৱসৰ উপলক্ষ্যে এই বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰে।
অন্যহাতে এই অনুষ্ঠানৰ লগত সামঞ্জস্য ৰাখি ডিগবৈ ৰটাৰি ক্লাবৰ সৌজন্যত উজালা আঁচনিৰ অন্তৰ্গত ৩০ জন হিতাধিকাৰিক বিনামূলীয়াকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু চৌখা প্ৰদান কৰে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News