জাগুনত চুৰি হোৱা সামগ্ৰী উদ্ধাৰ, ৪জনক আটক
উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ টিপং কলিয়াৰী লোহা ছিণ্ডিকেটৰ বাতৰি প্ৰচাৰ মাধ্যমত ধাৰাবাহিকভাৱে সম্প্ৰচাৰৰ হোৱাৰ পাছত যোৱা নিশা ক’ল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু লেখাপানী আৰক্ষীৰ চোৰাং লোহাৰ বিৰুদ্ধে অভিযান।অভিযান কালত AS 23K 9317 নম্বৰৰ এখন i10 বাহন আৰু AS 23H 2470 নম্বৰৰ এখন চুপাৰ স্পলেণ্ডৰ মটৰ চাইকেল সহ তিনিটা লো’ চুৰ ক্ৰমে পাপু বৈষ্ণৱ, নাজিৰ ৰহমান আৰু মহিবুল হ’কক লেখাপানী আৰক্ষীয়ে আটক কৰে। এই তিনি চুৰক চোৰাং লোহা কঢ়িয়াই আনি থকা অৱস্থাত হাতে লুতে ধৰে লেখাপানী আৰক্ষীয়ে। ইফালে একে নিশাই জাগুনৰ এখন স্কেপ ডেম্পৰ পৰা জব্দ কৰা হয় টিপং কলিয়াৰীৰ পৰা চুৰি হোৱা লো, তাম আৰু এলুমোনীয়ামৰ বহুটো অত্যাৱশ্যকীয় সামগ্ৰী। ইতিমধ্যে টিপং কলিয়াৰীৰ কৰ্মচাৰীয়ে চিহ্নিত কৰিছে যে এই তাঁৰ সমূহ ক’ল ইণ্ডিয়াৰ বুলি। বৰ্তমান লেখাপানী আৰক্ষীয়ে জাগুনৰ স্কেপ ডেম্পটোক তলা লগাই ডেম্পৰ স্বত্বাধিকাৰী জুনেইদ হুছেইনক গ্ৰেপ্তাৰ কৰিছে।