জাগুনত উপস্থিত শৃংখল চলিহা
বীৰ লাচিত সেনা অসম, কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰণ্টু পানীফুকন, প্ৰশাসনিক সচিব শৃংখল চলিহা, কেন্দ্ৰীয় সদস্য টাও চেং অসম আজি জাগুনত বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতিৰ কাৰ্যলয়ত উপস্থিত থাকে ৷ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ লগত লগ দিয়ে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পুলকেশ বৰুৱা আৰু সহকাৰী সচিব ৰুনাল দ্বীপ গগৈয়ে ৷
তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জাগুনত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ বিষয় ববীয়াই আজি জাগুনস্থিত লেখাপানী জাগুন আঞ্চলিক বীৰ লাচিত সেনা অসমৰ কাৰ্যলয় পৰ্যবেক্ষণ কৰে ৷ উল্লেখ্য যে কাৰ্যলয়ত প্ৰবেশ কৰিয়ে কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব আৰু প্ৰশাসনিক সচিবে লেখাপানী জাগুন আঞ্চলিক সমিতি খনৰ সকলো বিষয়ববীয়া তথা সদস্যসকলক বীৰ লাচিত সেনাৰ কাৰ্যপ্ৰণালী তথা লক্ষ্য উদ্দেশ্যৰ সন্দৰ্ভত বক্তব্য ও পৰামৰ্শ আগবঢ়াই ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সংগঠনটোৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাই ব্ৰটদোৱাৰ হিংশ্ৰোক ঘটনাৰ উদ্ধৃতি দি কয় যে আৰক্ষী প্ৰশাসনে বৰ মতা দেখুৱাবলৈ হ’লে সেইসকল লোকৰ ওচৰত দেখুৱাব লাগিছিল, কিন্তু খীলঞ্জীয়াৰ ওপৰত তেওঁলোকে বৰ মতা দেখুৱাটো ধীক্কাৰজনক বুলি আখ্যা দিয়ে ৷ ইয়াৰ উপৰিও বৰ্তমানৰ সময়চোৱাত আঙ্গুৰলতা ডেকাক লৈ বিষেশ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয় ৷ খীলঞ্জীয়াৰ উপৰত বিৰূপ মন্তব্য কৰাৰ পাছতো কিয় অসম আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিব পৰা নাই আঙ্গুৰলতা ডেকাক বুলি প্ৰশ্ন উত্থাপন কৰে ৷ শৃংখল চলিহাই কয় যে “বিজেপিয়ে কৰিলে সকলো লীলা, বেলেগে কৰিলে ধৰি লৈ কিলা ”৷ এইয়াই নেকী অসম আৰক্ষীৰ নীতি ?
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News