Sunday, May 28, 2023
HomeAssameseজাগুনট মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত টিনপাত বিতৰণ ৷

জাগুনট মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত টিনপাত বিতৰণ ৷

মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত যোৱা বুধবাৰে জাগুনৰ নামফাই টাপু অঞ্চলত পুনৰ সংস্থাপিত হোৱা লাইকা বাসীৰ ১৬০টা পৰিয়ালৰ মাজত দুই বান্ধিলকৈ টিনপাত বিতৰন কৰা হয় ৷ উক্ত টিনপাত বিতৰন কাৰ্যসূচী মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰৰ মূখ্য কাৰ্যবাহী সদস্য পৰ্মানন্দ চায়েঙীয়াই শুভাৰম্ভ কৰে ৷
বৰ্তমানলৈকে ১৬০ টা পৰিয়ালৰ মাত্ৰ ৪৭ টা পৰিয়ালক মাটি প্ৰদান কৰিছে যদিও ১১৩ টা পৰিয়ালক মাটি প্ৰদানৰ ব্যৱস্থা নকৰাত ৰাইজে দুখ প্ৰকাশ কৰাৰ ওপৰিও আজিলৈকে যাতায়তৰ লগতে বিশুদ্ধ খোৱাপানী , বিদ্যুত যোগান আদিৰ ব্যৱস্থা কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰে ৷ উল্লেখ্য যে লাইকাৰ ১৬০ টা পৰিয়ালে এবছৰ ধৰি ট্ৰিপালৰ চালিৰ তলতে জীৱন নিৰ্বাহ কৰি আছে ৷

তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments