জলসম্পদ বিভাগক এক দীৰ্ঘম্যাদী আঁচনি গ্ৰহণৰ আহ্বান মুখ্যমন্ত্রীৰ
আজি অৰ্থাৎ মঙ্গলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বানাক্ৰান্ত চিৰাং জিলা ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়ত লাওখ্ৰিগুৰি সাহায্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰবাসীৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্রী গৰাকীয়ে। শিবিৰত থকা লোকসকলৰ সুবিধা-অসুবিধাসমূহৰ বুজ লৈ তেওঁলোকৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ কথা দিয়ে মুখ্যমন্ত্রী গৰাকীয়ে।
লগতে লাওখ্ৰিগুৰিৰ খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ভূটানত হোৱা বৰষুণৰ ফলত নিজলা নৈখন ফেনে-ফোটোকাৰে আগবাঢ়ি আহৰ ফলত হোৱা বানে খহনীয়াৰ ৰূপত বিধ্বংসী ৰূপ ধাৰণ কৰে। আৰু এই ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ মুখ্যমন্ত্রী গৰাকীয়ে জলসম্পদ বিভাগক এক দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি অঞ্চলসমূহক অধিক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্রীৰ পৰিদৰ্শনকালত মন্ত্ৰী গৰাকীৰ সৈতে কেবিনেট ইউ জি ব্ৰহ্ম, সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়কদ্বয় ক্ৰমে জয়ন্ত বসুমতাৰী আৰু অজয় কুমাৰ ৰায় উপস্থিত আছিল।
News Desk, Ne India News