বৃহস্পতিবাৰে Jammu Kashmir Delimitation আয়োগে জম্মু- কাশ্মীৰ ৰাজ্যৰ বিধানসভা সমষ্টি সমুহৰ সীমা পুনঃনিৰ্দ্ধাৰণৰ প্ৰতিবেদন দাখিল কৰে । আয়োগে জম্মু কাশ্মীৰ ৰাজ্যৰ ৯০ খন বিধানসভা আসনৰ ৪৩ খন জম্মুত আৰু ৪৭ খন কাশ্মীৰত ৰখাৰ প্ৰস্তাৱ দাঙি ধৰে । পুৰ্বতে জম্মুত ৩৭ খন আৰু কাশ্মীৰত ৪৬ খন বিধানসভা আসন আছিল । ভৌগলিক নক্সাৰ পিচত ৰাজনৈতিক নক্সা সলনিৰ দিশত এয়া এক গুৰুত্বপুৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হব ।
Jammu Kashmir Delimitation য়ে ইতিমধ্যে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে । চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে । আয়োগে জম্মু কাশ্মীৰ ৭ টা বিধানসভা সমষ্ঠি বৃদ্ধি কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছে । ইয়াৰ লগে লগে জম্মু কাশ্মীৰত বিধানসভা সমষ্টিৰ সংখ্যা ৮৩ ৰ পৰা বৃদ্ধি হৈ হবগৈ ৯০ ।
আয়োগে অনুসুচিত জাতি আৰু অনুসুচিত জনজাতিৰ বাবে ১৬ খন আসন সংৰক্ষণৰ প্ৰস্তাৱ দিছে । আনহাতে কাশ্মীৰি পণ্ডিত সকলৰ বাবে ২ খন আসন সংৰক্ষিত কৰি ৰাখিছে ।
Jammu Kashmir Delimitation আয়োগৰ প্ৰতিবেদনৰ পিচতে জম্মু কাশ্মীৰৰ ৰাজনৈতিক নক্সা সম্পুৰ্ণ ৰুপে সলনি হৈ পৰিব । আয়োগে জম্মুত ৬ খন আসন বৃদ্ধি কৰাৰ বিপৰিতে কাশ্মীৰত বিধান সভা আসন বৃদ্ধি কৰিছে মাত্ৰ এখন । জম্মু হিন্দু বহুল অঞ্চল বাবে এই অঞ্চলত ৬ খন আসন বৃদ্ধিৰ ফলত লাভৱান হব বিজেপি দল । ২০১৪ চনৰ বিধানসভা নিৰ্বাচন বিজেপিয়ে জম্মুত ৩৭ খন আসনৰ ২৫ খনত জয়লাভ কৰিছিল । পুৰ্বতে কাশ্মীৰ উপত্যকাত যি দলেই ভাল প্ৰদৰ্শন কৰিছিল সেই দলেই ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল । কিন্ত এইবাৰ বিপৰীত হব । চৰকাৰ গঠন কৰিবলৈ হলে জম্মুতো ভাল প্ৰদৰ্শন কৰিব লাগিব । এইক্ষেত্ৰত শলঠেকত পৰিব মেহবুবা মুফটিৰ PDP আৰু ওমৰ আব্দুল্লা নেচনেল কনফাৰেন্স দল । এই দুই দলৰ গণভিত্তি আছে কাশ্মীৰ উপত্যকাত । ফলত নিৰ্বাচন অনুষ্ঠিত হলে আসন বিভাজন হব দুই দলৰ মাজত । তাৰোপৰি কংগ্ৰেছৰো গণভিত্তি আছে কেবাটাও সমষ্টিত । জম্মুত বিজেপি দলে ভাল প্ৰদৰ্শন কৰিলে অনাসায়ে জম্মু- কাশ্মীৰৰ ৰাজপাট দখল কৰিব পাৰিব বিজেপিয়ে ।
National Desk , Ne India News