জম্মু-কাশ্মীৰৰ বিচ্চিন্নতাবাদী নেতা য়াচিন মালিকক দোষী সাব্যস্ত কৰিছে আদালতে । Terror Funding গোচৰত দোষী সাব্যস্ত হৈছে য়াচিন মালিক । NIA আদালতে দোষী সাব্যস্ত কৰিছে য়াচিন মালিকক । ইতিমধ্যে আদালতত নিজৰ অপৰাধ স্বিকাৰো কৰিছে বিচ্চিন্নতাবাদী নেতা য়াচিন মালিকে । সন্ত্ৰাসবাদী গতিবিধিৰ লগত জড়িত থকাৰ কথা স্বিকাৰ কৰিছে বিচ্চিন্নতাবাদী নেতাটোৱে । অপৰাধ মুলক কাৰ্যকলাপৰ বাবে য়াচিন মালিকৰ ওপৰত দেশদ্ৰোহৰ গোচৰ আৰোপ কৰা হৈছিল । UAPA ৰ আধাৰত ধাৰা লগোৱা হৈছিল য়াচিন মালিকৰ ওপৰত ।
আদালতে য়াচিন মালিকৰ শাস্তিৰ ঘোষণা কৰিব ২৫ মেত । বিচ্চিন্নতাবাদী নেতা য়াচিন মালিকে কয় , নিজৰ ওপৰত আৰোপিত UAPA ৰ ১৬ ( সন্ত্ৰাসবাদী গতিবিধি ) , ১৭ ( সন্ত্ৰাসমুলক কাৰ্যকলাপৰ বাবে ধন আহৰণ ) ,১৮ ( সন্ত্ৰাসমুলক কাৰ্যকলাপৰ ষড়যন্ত্ৰ ) আৰু ২০ ( সন্ত্ৰাসবাদী সংগঠনৰ সদস্য হোৱা ) । লগতে ভাৰতীয় দণ্ডবিধিৰ ১২০(খ ) আৰু ১২৪( ক) ৰ আধাৰত আৰোপিত গোচৰৰ আপীল নকৰে ।
যিসমুহ ধাৰাৰ অধীনত য়াচিন মালিক দোষী সাব্যস্ত হৈছে সেইসমুহ গোচৰৰ ক্ষেত্ৰত সৰ্বাধিক আজিৱন কাৰাবাসৰ শাস্তি লাভ কৰিব পাৰে য়াচিন মালিক । য়াচিন মালিকৰ শাস্তি কি হব , তাৰবাবে বাট চাব লাগিব ২৫ মেৰ আদালতৰ ৰায়দানলৈ ।
National Desk , Ne India News