জম্মু-কাশ্মীৰৰ নিৰ্বাচনকলৈ গুৰুত্বপুৰ্ণ ঘোষণা নিৰ্বাচনী আয়োগৰ
আগন্তুক দিনত হব লগা জম্মু-কাশ্মীৰৰ নিৰ্বাচনক লৈ গুৰুত্বপুৰ্ণ ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে । ধাৰা ৩৭০ ৰ বিলুপ্তিৰ পিচত, ভোটদানৰ ক্ষেত্ৰত ৰাজ্যখনৰ বাহিৰৰ লোকৰ বাবে থকা বাধা আতৰ হল । জম্মু-কাশ্মীৰৰ নিৰ্বাচনত ভোটদানৰ বাবে ৰাজ্যখনৰ স্থায়ী বাসিন্দা হোৱাটো প্ৰয়োজনীয় নহয় । এতিয়াৰে দেশৰ যিকোনো বাসিন্দাই ৰাজ্যখনৰ নিৰ্বাচনত ভোটদান কৰিব পাৰিব । শিক্ষাগ্ৰহণ, চাকৰি , ব্যৱসায় সুত্ৰে অথবা শ্ৰমিক হিচাপে JK ত কৰ্মৰত যিকোনো ব্যক্তিয়ে ৰাজ্যখনৰ নিৰ্বাচনত ভোটদান সাব্যস্ত কৰিব পাৰিব । এই তথ্য সদৰি কৰিছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী আয়ুক্তই ।
উল্লেখ্য যে পৰিসীমন আয়োগৰ প্ৰতিবেদন অনুসৰি ৰাজ্যখনত ২০ ৰ পৰা ২৫ লাখ নতুন ভোটদাতাৰ সৃষ্টি হব । বৰ্তমান জম্মু কাশ্মীৰৰ মুঠ ভোটদাতাৰ সংখ্যা ৭৬ লাখ যদিও এই সংখ্য বৃদ্ধি হৈ ১ কোটি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে নিৰ্বাচনী আয়োগে । জম্মু-কাশ্মীৰত মোতায়ন হৈ থকা সেনা ,নিৰাপত্তাৰক্ষীয়েও ভোটদান কৰিব পাৰিব ৰাজ্যখনৰ নিৰ্বাচনত । জম্মু-কাশ্মীৰৰ নতুন ভোটাৰৰ তালিকা নবেম্বৰৰ ২৫ তাৰিখ পৰ্যন্ত সাজু হৈ উঠিব । ইতিমধ্যে ৰাজ্যখনত বিধানসভা সমষ্টিৰ সংখ্যা ৮৩ ৰ পৰা বৃদ্ধি হৈ ৯০ হৈছে । ৬০০ টা নতুন ভোটগ্ৰহণ কেন্দ্ৰ স্থাপিত হব । ইয়াৰ লগে লগে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি পালে ১১,৩৭০ টা লৈ ।
National Desk, Ne India News