Friday, March 24, 2023
HomeAssameseজম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ! ৩ সন্ত্ৰাসবাদী ধৰাশায়ী

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ! ৩ সন্ত্ৰাসবাদী ধৰাশায়ী

জম্মু- কাশ্মীৰৰ কুপৱাড়া জিলাত বৃহস্পতিবাৰে সন্ত্ৰাসবাদী অবৈধ অনুপ্ৰবেশ প্ৰতিহিত কৰে ভাৰতীয় সেনাই । সন্ত্ৰাসবাদী হোৱাৰ সেনাৰ মুখামুখী সংঘৰ্ষত ধৰাশায়ী হৈছে লস্কৰ-এ-তৈবা তিনি সন্ত্ৰাসবাদী ।
আৰক্ষীৰ সুত্ৰত প্ৰকাশ , কুপৱাড়া জিলাৰ জুমাগুন্দ গাওঁ‌ত সন্ত্ৰাসবাদী আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিছিল সেনা- আৰক্ষীয়ে । তাৰপিচতে সেনা-আৰক্ষীয়ে যুটীয়া ভাৱে আৰম্ভ কৰে অভিযান ।
কাশ্মীৰৰ IGP বিনোদ কুমাৰে প্ৰকাশ কৰা অনুসৰি নিহত হোৱা তিনি সন্ত্ৰাসবাদী পাকিস্থানী নাগৰিক । সংঘৰ্ষ স্থলীৰ পৰা আৰক্ষী উদ্ধাৰ কৰিছে অস্ত্ৰ-শস্ত্ৰ আৰু গুলি বাৰুদ ।
ইয়াৰ পুৰ্বে বুধবাৰে জৈছ-এ- মহম্মদৰ তিনি সন্ত্ৰাসবাদী নিহত হৈছিল সেনাৰে হোৱা সংঘৰ্ষত । সুৰাক্ষাকৰ্মী সকলে এই বৰ্ষত মুঠ ২৬ টা সন্ত্ৰাসবাদীক ধৰাশায়ী কৰিছে । ধৰাশায়ী হোৱা সন্ত্ৰাসবাদী ২৬ টাৰ ১৪ টা জৈছ-এ- মহম্মদৰ আৰু ১২ টা লস্কৰ-এ-তৈবাৰ সন্ত্ৰাসবাদী আছিল ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments