জম্মু-কাশ্মীৰত সেনাৰ ওপৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

0
941

NATIONAL DESK NE INDIA : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ পুনৰ হিংসালীলা। তিনিজনকৈ আৰক্ষীক অপহৰণ কৰি হত্যা কৰে সন্ত্ৰাসবাদীসকলে। দক্ষিণ কাশ্মীৰৰ চৌপিয়াত এনে জঘন্য কাণ্ড সংঘটিত কৰিছে সন্ত্ৰাসবাদীসকলে। ঘটনাক্ৰম অনুসৰি ২১ ছেপ্তেম্বৰৰ পুৱাভাগত সন্ত্ৰাসবাদীসকলে চৌপিয়াৰ কৰপাণ গাঁৱৰ পৰা তিনিজন আৰক্ষীৰ লগতে এজনকৈ ব্যক্তিক অপহৰণ কৰি নিয়ে। আৰক্ষী তিনিজনক সন্ত্ৰাসবাদীয়ে হত্যা কৰে যদিও অপহৃত অন্য ব্যক্তিজনক মুকলি কৰি দিয়ে । মুকলি কৰি দিয়া অন্য ব্যক্তিজনক আৰক্ষীৰ আত্মীয় বুলি প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে, এই ঘটনাক নিষিদ্ধ ঘোষিত সংগঠন  হিজবুল মুজাহিদীনে সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। কিয়নো সংগঠনটোৱে জম্মু-কাশ্মীৰত ঘোষণা কৰিছে যে, আৰক্ষী সকলে হয়টো নিজৰ পদ ত্যাগ কৰক অন্যথা নিজৰ জীৱন দান দিৱলৈ সাজু হওঁক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here