Saturday, April 1, 2023
HomeAssameseজম্মু-কাশ্মীৰত গাওঁ‌বাসীয়ে কৰায়ত্ব কৰিলে দুটা লস্কৰৰ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত গাওঁ‌বাসীয়ে কৰায়ত্ব কৰিলে দুটা লস্কৰৰ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত গাওঁ‌বাসীয়ে কৰায়ত্ব কৰিলে দুটা লস্কৰৰ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত ক্ৰমে শান্তিৰ কপৌজনী উৰিবলৈ আৰম্ভ কৰিছে । শান্তি , উন্নয়ন , বিকাশৰ স্বাদ লবলৈ যেন ব্যগ্ৰ হৈ পৰিছে জম্মু- কাশ্মীৰৰ সাধাৰণ জনতা । ৰাজ্যখনত ধাৰা ৩৭০ আৰু ৩৫(ক) ক নিস্ক্ৰিয় কৰাৰ পিচত লাহে লাহে খোল খাইছে পাকিস্থানী শিকলি ।
জম্মু-কাশ্মীৰৰ টুকচান গাওঁ‌ৰ পৰা আহিছে এক ইতিবাচক খবৰ । খবৰ অনুসৰি লস্কৰ-এ-তৈবা দুই সন্ত্ৰাসবাদীয়ে প্ৰবেশ কৰিছিল টুকচান গাওঁ‌ত । এই খবৰ গাওঁ‌ত বিয়পি পৰাত গাওঁ‌বাসী একত্ৰিত হৈ কৰায়ত্ব কৰে দুই সন্ত্ৰাসবাদী । তাৰপিচতে ধৃত দুই সন্ত্ৰাসবাদীক গটাই দিয়ে আৰক্ষীৰ হাতত । ধৃত দুই সন্ত্ৰাসবাদী ফেইজল আহমেদ দাৰ আৰু টালিব হুচেইন বুলি চিনাক্ত কৰা হৈছে । দুই সন্ত্ৰাসবাদীয়ে অমৰনাথ যাত্ৰাৰ বাবে যোৱা ভক্ত সকলৰ ওপৰত আক্ৰমণ কৰাৰ বাবে সুযোগৰ অপেক্ষাত আছিল । ধৃত সন্ত্ৰাসবাদী দুটাৰ পৰা দুটা AK-47 ৰাইফল , ৭ টা গ্ৰেণেড আৰু ২ টা পিষ্টল উদ্ধাৰ কৰা হৈছে ।

সন্ত্ৰাসবাদী দুটা কৰায়ত্ব কৰা টুকচান গাওঁ‌ৰ গাওঁ‌বাসীৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই । সাহসী গাওঁ‌বাসীক ৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ দিব উপ ৰাজ্যপাল মনোজ সিনহাই । আনহাতে ডিজিপিয়ে ২ লাখ টকাৰ পুৰস্কাৰৰ ঘোষণা কৰিছে ।

National Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments