জম্মুকাশ্মীৰত সেনাবাহিনীৰ পুনৰ এক সফল অভিযান

0
738

NATIONAL DESK NE INDIA : জম্মুকাশ্মীৰত সুৰক্ষা বাহিনীয়ে পুনৰ এক সফল অভিযান কাৰিকৰী কৰিলে। ৰাজ্যখনৰ  কুলগাম অঞ্চলত আৰক্ষীৰ গুলিচালনাত নিহত হৈছে ৫ জনকৈ সন্ত্ৰাসবাদী ৷ জম্মুকাশ্মীৰৰ আই জি পিৰ মন্তব্য অনুসৰি এতিয়ালৈকে ৫ জন সন্ত্ৰাসবাদী নিহত হৈছে যদিও আৰক্ষীৰ তদন্ত অভিযান অব্যাহত আছে ৷ অন্যহাতে, প্ৰথম অৱস্থাত ৩জন সন্ত্ৰাসবাদী নিহত হৈছিল যদিও পৰৱৰ্তী সময়ত অন্য ৫ জনৰ উপস্থিতি অনুমান কৰিছিল আৰক্ষীয়ে। বাকী ২ জন সন্ত্ৰাসবাদীক পৰৱৰ্তী সময়ত হত্যা কৰা হয় ৷ উল্লেখযোগ্য যে,বৰ্তমানেও আৰক্ষীয়ে তদন্ত অভিযান  অব্যাহত ৰাখিছে। এই সংঘৰ্ষৰ ফলত বৰ্তমানে বন্ধ ৰখা হৈছে বাৰামূলা আৰু কাজীগোন্ডৰ ৰেলসেৱা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here