জনহিতাধিকাৰী হিচাপে জনপ্ৰিয়তা লাভ কৰিছে সম্ৰাট মছলা উদ্যোগৰ পৰিয়ালৰ মহানুভৱতা

0
105

জনহিতাধিকাৰী হিচাপে জনপ্ৰিয়তা লাভ কৰিছে সম্ৰাট মছলা উদ্যোগৰ পৰিয়ালৰ মহানুভৱতা 

দেশত চতুৰ্থ পৰ্যায়ৰ লক ডাউন চলি থকা সময়ত মানুহৰ দুখ কুলাই পাচিয়ে নধৰা অৱস্থাত সকলো সময়ত দৰিদ্ৰৰ বাবে আগবাঢ়ি অহা মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ গৰৈমাৰী সম্ৰাট মছলা উদ্যোগৰ পৰিয়ালৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ।আজি ঈদৰ আগমূহুৰ্তত সম্ৰাট মছলা উদ্যোগৰ পৰিয়ালৰ তৰফৰ পৰা স্হানীয় 260 টা দৰিদ্ৰ আৰু বিধৱা পৰিয়ালৰ মাজত বিভিন্ন ধৰণৰ
মছলাৰ পেকেট ক্ৰমে জলকীয়া গুঢ়ি, হালধিৰ গুঢ়ি , জিৰা, শিৱাই , চেনি আৰু নগদ কিছু ধনৰ সাহায্য আগবঢ়ায়। অৱশ্যে সাংবাদিক সকলৰ মাজত মাক্স বিতৰণৰো কৰে ।
এই সাহায্য বিতৰণ কাৰ্যত বিশেষ ভাবে বিতৰণ কৰে এই অঞ্চলৰ উদীয়মান জনপ্ৰিয়তা সমাজ সেৱক তথা মছলা উদ্যোগৰ স্বত্বাধিকাৰী নুৰুল হুদা , ইমৰান স্বহ ভ্ৰাতৃদ্বয় কমৰুল হুদা, ইমৰা নস্বাহে , অৱশ্যে ঈদৰ আগমূহুৰ্তত আৰু লক ডাউন চলি থকা সময়ত এনে সাহায্য বিতৰণ কাৰ্যত সকলোৱে নুৰুল হুদাক প্ৰশংসা কৰে ।

https://youtu.be/p-m2M07Fhj8?t=2

অলি উল্লাহ খান, লাহৰীঘাটৰ, NE India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here