জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল
বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যোৱা ৫ মাহত অসম আৰক্ষীৰ হাতত ধৰা পৰা ভাৰত উপ-মহাদেশত আল কাইদাৰে সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম (এ বি টি)ৰ ৫ টা জেহাদী মডুলৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি জনতা ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰে। মুখ্যমন্ত্রী গৰাকীয়ে উল্লেখ কৰে যে এতিয়ালৈকে ২৯জন এ বি টি সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰোপৰি আৰক্ষীয়ে বৰপেটা, বঙাইগাঁও আৰু মৰিগাঁৱৰ শ্লিপাৰ চেলসমূহ ধ্বংস কৰি সংগঠনটোত যোগদান কৰিবলৈ যুৱক-যুৱতীসকলক উদ্দেশ্যি ব্যৱহাৰ কৰা উচটনিমূলক জেহাদী কিতাপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে জেহাদীসকলে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হাই-এণ্ড ইলেক্ট্ৰনিক যন্ত্ৰও উদ্ধাৰ কৰিছে।
উক্ত সংবাদমেলযোগে মুখ্যমন্ত্রী গৰাকীয়ে সন্ত্ৰাস সৃষ্টিকাৰী উপাদানসমূহৰ ক্ষেত্ৰত সজাগ হৈ থাকিবৰ বাবে আৰু ৰাজ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰত এনে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত প্ৰশাসনক সহায় কৰাৰ বাবে আহ্বান জনায়। লগতে অসমৰ শান্তিপ্ৰেমী মুছলমান জনতাই ইতিমধ্যে চৰকাৰক সহযোগিতাৰ হাত আগবঢ়াইছে বুলি উল্লেখ মুখ্যমন্ত্রীৰ।
News Desk, Ne India News