মঙ্গল বাৰে জনতা ভৱনত পৰিবহন মন্ত্ৰী শ্ৰীচন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত উদ্যোগ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত চলি থকা প্ৰকল্পসমূহ আৰু ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ পৰা প্ৰস্তাৱিত বিনিয়োগৰ প্ৰস্তাৱসমূহৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিনিয়োগৰ প্ৰস্তাৱৰ সৈতে জড়িত সকলো বিষয় আলোচনা কৰি নিষ্পাদনৰ বাবে বাকী থকা সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত আলোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে সহজসাধ্য ব্যৱসা প্ৰক্ৰিয়াৰ (Ease of Doing Business)ৰ সেৱাসমূহৰ উন্নতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
News Desk, Ne India News