জনজাতিকৰণৰ দাবীত সৰৱ সদৌ মৰাণ ছাত্ৰ সন্থা
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ ৫ ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে শুক্ৰবাৰে মাকুম চহৰৰ ট্ৰেফিক পইণ্টত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া,মাকুম আঞ্চলিক সমিতিৰ লগতে কেইবাখনো শাখা সমিতিৰ প্ৰতিবাদকাৰী সকলে।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ,প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ ,জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ।
অসমৰ ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণা সহ্য কৰা নহব বুলি উল্লেখ কৰি ধাৰাবাহিক আন্দোলনৰ জৰিয়তে অসম অচল কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News