ছয় জনগোষ্টীৰ জনজাতিকৰণক লৈ চৰকাৰৰ চৰম বঞ্চনা ! চিলাপথাৰত জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি
দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ বাবে সংগ্ৰাম চলাই অহা অসমৰ ছয় জনগোষ্টীক চৰকাৰে ৰামঠগন দিলে । শেহতীয়াকৈ দেশৰ কেইবাটাও জনগোষ্টীক জনজাতিৰ মৰ্যদা দিয়াৰ কথা ঘোষণা কৰিলে চৰকাৰে ।
পিছে জনজাতিকৰণৰ বাবে নিৰবিচ্চিন্ন অন্দোলন চলাই অহা অসমৰ ছয় জনগোষ্টীক পুনৰবাৰ বঞ্চনা কৰিলে ।
ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে প্ৰতিবাদত উত্তাল হল চিলাপথাৰ নগৰ ।
শতাধিক আটাছু কৰ্মীয়ে চিলাপথাৰৰ মাজমজিয়াত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
চৰকাৰ বিৰোধী প্ৰতিবাদী শ্লোগাণেৰে উত্তাল হৈ পৰে চিলাপথাৰ নগৰ ।
ছয় জনগোষ্টীৰ জনজাতিকৰণৰ নামত চৰকাৰী বঞ্চনা প্ৰৱঞ্চনাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন চলাই যোৱাৰ হুমকি দিলে সংগঠনটোৱে ।
বিপুল সোণোৱাল , চিলাপথাৰ , Ne India News